২০০৬ চনত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৯গৰাকী শ্বহীদক স্মৰণ, কাকপথাৰত শ্ৰদ্ধাঞ্জলি

Home ৰাজ্য২০০৬ চনত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৯গৰাকী শ্বহীদক স্মৰণ, কাকপথাৰত শ্ৰদ্ধাঞ্জলি

২০০৬ চনত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৯গৰাকী শ্বহীদক স্মৰণ, কাকপথাৰত শ্ৰদ্ধাঞ্জলি

by News Desk
71 views
A+A-
Reset

তিনিচুকীয়াঃ  ২০০৬ চনৰ ভয়াবহ দিনটোক কেনেকৈ পাহৰিব তিনিচুকীয়াবাসীয়ে৷ ৰাজ পথত থলুৱাৰ তেজ বৈ থকাৰ দৃশ্য আজিও চকুৰ সন্মুখত ভাহি থাকে জিলাখনৰ লোকৰ৷ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহি বুকুত গুলী পাতি লৈ ৰাজ পথত ঢলি পৰিছিল ৯গৰাকীকৈ থলুৱাই৷ এগৰাকী লোকক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ পিছত ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক লক্ষ্য কৰি গুলীচালনা কৰাত তেজৰ নৈ বৈ গৈছিল আজিৰ দিনটোতে৷

২০০৬ চনৰ আজিৰ দিনটো সমগ্ৰ কাকপথাৰ অঞ্চলৰ বাবে বিভীষিকাময় দিন৷ সামৰিক বাহিনীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছিল  প্ৰায় ১০জনকৈ নিৰীহ ব্যক্তিয়ে৷ ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা নিয়োজিত সামৰিকবাহিনীয়ে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা হাজাৰ হাজাৰ লোকৰ ওপৰত কৰা এই গুলীচালনাৰ ঘটনাই ভাৰতৰ সকলো স্তৰৰ লোকৰ মাজতে খলকনি তুলিছিল৷ দেশৰ সকলো সংবাদ পত্ৰই স্বাভাৱিকতে এই ঘটনাক বৰ্বৰ আৰু কাপুৰুষালি বুলি অভিহিত কৰাৰ লগতে ঘটনাৰ স’তে জড়িত ব্যক্তিক উচিত তদন্তৰ জৰিয়তে শাস্তি পোৱাটো কামনা কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0