ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া প্ৰেছ ক্লাব আৰু নভা লাইফ বয়োটেকে দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাব প্ৰাংগনত মানসিক স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰে। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা শিবিৰত মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস আৰু পুত্ৰ ডাঃ অন্বেষণ দাসে উপস্থিত থাকে৷ ৰাজ্যৰ আগশাৰীৰ চিকিৎসক জয়ন্ত দাসে বৰ্তমান সময়ত সমাজত আত্মহত্যাৰ প্ৰবনতা বৃদ্ধি পোৱা বুলি কৈ আক্ষেপ কৰে৷
বিশেষকৈ কম বয়সীয়াৱ লৰা-ছোৱালীৰ অভিভাৱকসকল এইক্ষেত্ৰত অধিক সাৱধান হোৱাৰ দৰকাৰ বুলি কৈ এজন অভিভাৱকে নিজৰ লৰা-ছোৱালীক কি ধৰণে ব্যৱহাৰ শিকাইছে, লৰা ছোৱালীৰ সমস্যাসমূহ কেনেদৰে বুজাৰ চেষ্টা কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয়। সমাজৰ আধিকাংশ পৰিয়ালে লৰা-ছোৱালীৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰে বুলি কয় বিশিষ্ট চিকিৎসকগৰাকীয়ে।