কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বৃহত্তৰ ভোটগাওঁ অঞ্চলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ ২৫ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

এবিএমছুৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ভোটগাওঁ এম ই স্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৪ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোছা, কিতাপ, কলম আৰু মানপত্ৰসহ সম্বৰ্ধনা জনোৱা হয়৷

সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি অনাগত দিনত আৰু অধিক উংসাহৰে আগবাঢ়ি গৈ একো একোজনক সু-নাগৰিক হৈ অঞ্চল আৰু দেশৰ সুনাম কঢ়িওৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়৷

সম্বৰ্ধনা অনুষ্ঠানত এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলাম আহমেদ, সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰ, জিলা সৰ্বশিক্ষা অভিযান মিছনৰ ডিপিঅ জাহাঙ্গীৰ হুছেইন, এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলাম আৰু সাধাৰণ সম্পাদক আমিৰ আলিকে ধৰি ভোটগাওঁ অঞ্চলৰ বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷