নাৰায়ণপুৰঃ জুন মাহৰ আজি প্ৰথমটো শনিবাৰ। সেয়ে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি নাৰায়ণপুৰত ভৰি থলে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুৱে। নাৰায়ণপুৰত উপস্থিত হৈয়ে তেওঁ কেইবা ঠাইটো আমাৰ গাঁও আমাৰ আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্ত তেওঁ কেইবাখনো আমাৰ গাঁও আমাৰ আঁচনিৰ গাওঁ সভাত ভাগ লয়।
শনিবাৰে বিয়লি নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি গাঁও পঞ্চায়ত, নাৰায়ণপুৰ উন্নয়ন খণ্ড আৰু পথালিপাহাৰ গাঁও পঞ্চায়তত চলি থকা আমাৰ গাঁও আমাৰ আঁচনিৰ সভাত উপস্থিত হয় অতিৰিক্ত মুখ্য সচিব গৰাকী। সভাত অংশগ্ৰহণ কৰি তেওঁ ৰাইজৰ অভিযোগসমূহ গুৰুত্ব সহকাৰে শুনাৰ লগতে সমাধানৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে।