ডিজিটেল ডেস্কঃ হঠাৎ হেৰাই গ’ল লাফিকুল ইছলাম। অচিনাক্ত দুৰ্বৃত্তই দিন-দুপৰতে গুলীৰে থকা-সৰকা কৰি থৈ গ’ল ছাত্ৰ নেতাজনক। লগে লগে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠে। লাফিকুল হত্যাৰ প্ৰতিবাদত দল-সংগঠন, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ সৰ্বস্তৰৰ ৰাইজ ওলাই আহি ক্ষোভ উজাৰে। সেইদিনাই মাজ নিশা মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিবলৈ আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয় লাফিকুলৰ বাসগৃহত। মাজ নিশা এনেদৰে মৃতদেহ গতাই দিবলৈ অহাত ক্ষোভত ফাটি পৰে জ্যেষ্ঠ ভাতৃক হেৰুৱাই শোকদগ্ধ হৈ পৰা কনিষ্ঠ ভাতৃ। ক্ষুব্ধ ভাতৃয়ে আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে জাহিৰ কৰে তীব্ৰ ক্ষোভ।

ভাতৃৰ এই ক্ষোভক লৈয়ে এইবাৰ সৃষ্টি হৈছে আন এক বিতৰ্কৰ। ভাতৃয়ে আৱেগ আৰু ক্ষোভত ক’লেও সেই মন্তব্যক সহজভাৱে ল’ব পৰা নাই বহুতে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিচিত ভাৰতৰ শক্তিশালী আইন-কানুন থকাৰ পিছতো লাফিকুলৰ ভাতৃয়ে মধ্য-প্ৰাচ্যৰ নাম লোৱা বাবেই এতিয়া দোমোজাত পৰিছে বহু লোক। মধ্য-প্ৰাচ্যৰ নাম লোৱাৰ লগতে সন্ত্ৰাসবাদীৰ জন্ম হোৱাৰ আঁৰৰ কাৰণৰ প্ৰসংগ উত্থাপন কৰাটোৱেও সমগ্ৰ বিষয়টোত অন্য এক মাত্ৰা প্ৰদান কৰা দেখা গৈছে।

'ইয়াত ডিষ্টাৰ্ব নিদিব। আন মানুহ শুই আছে। মোৰ ঘৰৰ অৱস্থা একদম বেয়া। ইয়াত যদি আৰু ডিষ্টাৰ্ব দিয়ে, ছিওৰ ক’লো, এইটো মেছেজ কালি ক’ত যাব, মিডল ইষ্টত যাব তেতিয়া আপোনালোকে গম পাব আমি কিমান দূৰলৈ হাত দিব পাৰো। মই সকলো কথাই ৰেকৰ্ডিং কৰিছো। আপোনালোকে এডমিনিষ্ট্ৰেশ্যনৰ মানুহ হৈ কেনেকৈ পাব্লিকক হাৰাশাস্তি দিব পাৰে? মই বহি নাথাকো মোৰ দাদাৰ কাৰণে।’-লাফিকুলৰ ভাতৃয়ে প্ৰশাসনৰ লোকক উদ্দেশ্যি কয়।

লাফিকুলৰ ভাতৃয়ে আৰু কয়, 'আমি এইটোও বুজি পাও, টেৰ’ৰিষ্ট কেনেকৈ ক্ৰিয়েট হয়। আপোনালোকে আমাক প্ৰেচাৰাইজ কৰিছে। এতিয়া আমাৰ লগত এডমিনিষ্ট্ৰেশ্যন নাই। এনেকৈ বেলেগ ৰাস্তা খোল খায়। আমি বুজি পাও। আমি এতিয়া বুজি পাইছো। মোৰ দাদায়ো বুজি পাইছিল। আৰু কালি যেতিয়া আন্দোলন হ’ব তেতিয়া বুজি পাব।’ 

বহুতেই ছ’চিয়েল মিডিয়াত লাফিকুলৰ ভাতৃৰ এনে মন্তব্যক লৈ মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে। ভাৰতীয় আইন আৰু ন্যায় ব্যৱস্থা থাকোতেই কিয় লাফিকুলৰ ভাতৃয়ে প্ৰশাসনক মধ্যপ্ৰাচ্যৰ ভয় দেখুৱাবলগীয়া হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশ লোকে। 

এজন ফেচবুক ইউজাৰে লিখিছে যে মধ্যপ্ৰাচ্য বুলিলেই প্ৰথমতে সকলোৰে মনলৈ আহে কেইখনমান সন্ত্ৰাসজৰ্জৰ ৰাষ্ট্ৰৰ কথা। লগতে সেই দেশকেইখনত বিশেষ এটা ধৰ্মক লৈ গঢ়ি উঠা অস্থিৰ পৰিৱেশৰ কথা মনলৈ আহে বুলিও তেওঁ উল্লেখ কৰিছে। তেনে কেইখনমান অস্থিৰ ৰাষ্ট্ৰৰে ভৰপূৰ মধ্যপ্ৰাচ্যৰ কাক ভাৰতীয় প্ৰশাসনৰ অৱহেলাৰ কথা লাফিকুলৰ ভাতৃয়ে অৱগত কৰিব বুলি প্ৰশ্ন কৰিছে অধিকাংশই।

ইয়াৰ মাজতে, ইলিয়াছ ৰহমান চৰকাৰ নামৰ এজন লোকে নিজৰ ফেচবুক একাউণ্টত লিখিছে যে লাফিকুলৰ ভাতৃয়ে যি মধ্যপ্ৰাচ্যৰ কথা কৈছে সেয়া এটা বিশেষ ধৰ্মক লৈ গঢ়ি উঠা সন্ত্ৰাসেৰে ভৰপূৰ ৰাষ্ট্ৰকেইখনৰ কথা কোৱা হোৱা নাই। তেওঁৰ মতে লাফিকুলৰ ভাতৃয়ে মধ্যপ্ৰাচ্য শব্দটোৰে উক্ত অঞ্চলটোৰ সংবাদ মাধ্যমৰ কথাহে ক’ব বিচাৰিছে। ''লাফিকুলৰ ভাতৃয়ে middle East ৰ কথা কলে কি হ’ব। মইয়ো কম লাফিকুলৰ ন্যায় নাপালে মধ্য প্ৰাচ্যত এই ঘটনা প্ৰচাৰ কৰা হ'ব। এতিয়া কথা হ'ল মধ্য প্ৰাচ্যৰ কাক কম? মই মধ্যপ্ৰাচ্যৰ সংবাদ মাধ্যমৰ লগতে মোৰ বন্ধুসকলক কম যাতে এই ঘটনা সমগ্ৰ বিশ্বতে বিয়পাই দিয়ে। সমগ্ৰ বিশ্ব জানিলেহে হেঁচা সৃষ্টি হ’ব।’’-ইলিয়াছৰ ফেচবুক ষ্টেটাছ।

কিন্তু ইলিয়াছৰ উক্ত বক্তব্যৰ বিৰোধিতা কৰিছে কেবাজনো লোকে। ভাৰতৰ আইন ব্যৱস্থা, ভাৰতৰ সংবাদ মাধ্যম থাকোত কি কাৰণত সন্ত্ৰাস জৰ্জৰিত আৰু সন্ত্ৰাসবাদৰ ঘাটি middle Eastত এই ঘটনাৰ প্ৰচাৰ কৰিব লাগে বুলি মন্তব্য কৰি ইলিয়াছৰ পোষ্টটো আতৰাই পেলাবলৈকো বহুতে পৰামৰ্শ আগবঢ়োৱা দেখা গৈছে।

উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ সংবাদ মাধ্যম বুলিবলৈ এটাই শক্তিশালী সংবাদ প্ৰতিষ্ঠান আছে। উক্ত সংবাদ প্ৰতিষ্ঠানটো হৈছে 'আল-জাজিৰা’। ইয়াৰ বাদে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ প্ৰতিটো ক্ষুদ্ৰ পৰিসৰৰ সংবাদ মাধ্যমেই সন্ত্ৰাসবাদৰ লগতে অঞ্চলটোৰ দেশকেইখনৰ অস্থিৰ চৰকাৰৰ বহতীয়া হৈ পৰা দেখা গৈছে। আনহাতে সন্ত্ৰাসবাদৰ পৰা প্ৰায় মুক্ত হৈ থকা মধ্য প্ৰাচ্যৰ অন্যতম ৰাষ্ট্ৰ ছৌদি আৰবেও কেৱল মাত্ৰ এটা বিশেষ ধৰ্মকহে প্ৰাধান্য দিয়া দেখা যায়। তেনে ক্ষেত্ৰত মধ্যপ্ৰাচ্যৰ সংবাদ মাধ্যমক অৱগত কৰি যে কোনো বিশেষ সুফল পোৱা নাযাব সেয়া সহজেই অনুমেয়।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে মধ্যপ্ৰাচ্যৰ সংবাদমাধ্যমসমূহ ৰাষ্ট্ৰ ব্যৱস্থাৰ তেনেই বহতীয়া হোৱা বাবে উক্ত দেশসমূহৰ নাগৰিকৰ দুখ-দুৰ্দশা বিশ্ববাসীক অৱগত কৰিবলৈ তাত প্ৰায়েই উপস্থিত হ’ব লগীয়া হয় বিবিচি, ৰাছিয়া টুডে, চিএনএন, ফক্স নিউজ আদিৰ দৰে পশ্চিমীয়া সংবাদ মাধ্যমৰ সাংবাদিক। যি মধ্যপ্ৰাচ্যৰ দুখ-দুৰ্দশাৰ কথা পশ্চিমৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিব লাগে সেই মধ্যপ্ৰাচ্যৰ কোনটো সংবাদমাধ্যমে লাফিকুল হত্যাৰ সঠিক তদন্তৰ বাবে বিশ্বব্যাপী হেঁচা সৃষ্টি কৰিব সেয়া সকলোৰে বাবে অবুজ সাঁথৰ হৈ পৰিছে।

আনহাতে মধ্যপ্ৰাচ্যৰ লগতে লাফিকুলৰ ভাতৃয়ে সন্ত্ৰাসবাদী জন্ম হোৱাৰ প্ৰসংগ অৱতাৰণা কৰা বিষয়টোৱেও সৃষ্টি কৰিছে ৰহস্যৰ। যি সময়ত সমগ্ৰ অসমৰ জনতাই জাতি-ধৰ্ম নিৰ্বিশেষে লাফিকুলৰ হত্যাকাণ্ডৰ প্ৰতিবাদ জনাইছে সেই সময়ত নিজ দেশৰ পৰিৱৰ্তে তেওঁৰ ভাতৃৰ মনলৈ কিয় মধ্যপ্ৰাচ্যৰ কথা আহিল সেয়াও হৈ পৰিছে এক লাখটকীয়া প্ৰশ্ন। ভাতৃৰ মৃত্যু শোকত আৱেগিক হৈ পৰিলেও তেনে কথা মনলৈ অহাতো অশোভনীয় বুলিও বহুতে মন্তব্য আগবঢ়াইছে। আনকি মধ্য প্ৰাচ্যৰ ভাবুকি দি লাফিকুলক নিজ ভাতৃয়ে পুনৰ হত্যা কৰিলে বুলিও মন্তব্য কৰিছে বহুতে।