ডিজিটেল ডেস্কঃ হঠাৎ হেৰাই গ’ল লাফিকুল ইছলাম। অচিনাক্ত দুৰ্বৃত্তই দিন-দুপৰতে গুলীৰে থকা-সৰকা কৰি থৈ গ’ল ছাত্ৰ নেতাজনক। লগে লগে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠে। লাফিকুল হত্যাৰ প্ৰতিবাদত দল-সংগঠন, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ সৰ্বস্তৰৰ ৰাইজ ওলাই আহি ক্ষোভ উজাৰে। সেইদিনাই মাজ নিশা মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিবলৈ আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয় লাফিকুলৰ বাসগৃহত। মাজ নিশা এনেদৰে মৃতদেহ গতাই দিবলৈ অহাত ক্ষোভত ফাটি পৰে জ্যেষ্ঠ ভাতৃক হেৰুৱাই শোকদগ্ধ হৈ পৰা কনিষ্ঠ ভাতৃ। ক্ষুব্ধ ভাতৃয়ে আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে জাহিৰ কৰে তীব্ৰ ক্ষোভ।
ভাতৃৰ এই ক্ষোভক লৈয়ে এইবাৰ সৃষ্টি হৈছে আন এক বিতৰ্কৰ। ভাতৃয়ে আৱেগ আৰু ক্ষোভত ক’লেও সেই মন্তব্যক সহজভাৱে ল’ব পৰা নাই বহুতে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিচিত ভাৰতৰ শক্তিশালী আইন-কানুন থকাৰ পিছতো লাফিকুলৰ ভাতৃয়ে মধ্য-প্ৰাচ্যৰ নাম লোৱা বাবেই এতিয়া দোমোজাত পৰিছে বহু লোক। মধ্য-প্ৰাচ্যৰ নাম লোৱাৰ লগতে সন্ত্ৰাসবাদীৰ জন্ম হোৱাৰ আঁৰৰ কাৰণৰ প্ৰসংগ উত্থাপন কৰাটোৱেও সমগ্ৰ বিষয়টোত অন্য এক মাত্ৰা প্ৰদান কৰা দেখা গৈছে।