মোৰাঝাৰঃ কৰ’নাক বাধা দিবলৈ সমগ্ৰ দেশতে অব্যাহত আছে ২১দিনীয়া লকডাউন৷ এই লকডাউনৰ সময়ত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাঁৱত একাংশ গো-পালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
ডবকা ৰাজ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাওঁখনৰ প্ৰায় অধিকাংশ লোকেই গো পালনৰ লগত জড়িত। গাওঁখনত প্ৰায় ৩০খন ফাৰ্মত ডেৰ শতাধিক পশুধন আছে। গাওঁখনত থকা যমুনাভেলি দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সমগ্ৰ হোজাই জিলাতেই যোগান ধৰি আহিছে গাখীৰ। স্থানীয় প্ৰশাসনৰ পৰিকল্পনাৰ অভাৱৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ গো-পালকসকলে এতিয়া নলাত পেলাই দিবলৈ বাধ্য হৈ পৰিছে হাজাৰ হাজাৰ লিটাৰ গাখীৰ।