newsnextone.com | অভয়াপুৰীঃ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মোহনপুৰত ৩২ কোটি টকাৰে নিৰ্মাণ হৈ থকা গৰাখহনীয়া ৰোধ আঁচনি পৰিদৰ্শন কৰে৷ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৰ পাছনীয়া প্ৰথম খণ্ডৰ মোহনপুৰত ব্ৰহ্মপুত্ৰ নদী আৰু মৰামানাহ নৈৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে আৱণ্টন দিয়া প্ৰায় ৩২ কোটি টকাৰে নিৰ্মাণ হৈ থকা গৰাখহনীয়া ৰোধ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷
সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে আঁচনি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে৷ পাৰ্কোপাইন নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ লগতে লেহেমিয়া গতিত আৰু নিম্ননমানৰ সামগ্ৰীৰে আঁচনিৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল৷