newsnextone.com | ড়িব্ৰুগড়ঃ এইবাৰ যুৱকৰ প্ৰতিবাদৰ ভাষা হ’ল মুণ্ডন৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত সমূহীয়া মুণ্ডন কৰিলে যুৱকে৷ মটক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংগঠনটোৱে৷
অসমৰ আন্দোলন সময়ত অসমীয়া যুৱকে দিয়া আত্মবলিদান অথলে যাব নিদিয়াৰ হুংকাৰ দি কেইবাগৰাকী অসম সন্তানে আকৌ এবাৰ গৰজি উঠিল প্ৰতিবাদৰ নতুন ভাষাৰে। অন্য এক শক্তিৰে প্ৰতিবাদ কৰিলে যুৱকে৷ প্ৰতিবাদৰ ভাষা হৈ অসমৰ যুৱকে ঘৰৰ পৰা ওলাই আহিল এক অনন্য ৰূপত খিলঞ্জীয়াৰ হকে মুণ্ডন কৰে৷