ডিজিটেল ডেক্সঃ বিজেপি দলক এইবাৰ সহযোগী দলে তীব্ৰ সমালোচনা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ সভাপতিয়ে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিক৷ বিজেপিৰ সৈতে লগলাগী উত্তৰ প্ৰদেশ চৰকাৰ চলাই থকা চুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ সভাপতি ওম প্ৰকাশ ৰাজভৰে খোদ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী হৈও চৰকাৰ, বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷
শনিবাৰে চুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ অধ্যক্ষ তথা যোগী মন্ত্ৰীসভাৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে নিজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে মুখ খুলে। উত্তৰ প্ৰদেশৰ বাৰানসীৰ এটি অনুষ্ঠানত উপস্থিত থাকি ৰাজভৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ ধমক দিয়ে। অনুষ্ঠানত ৰাজভৰে বিজেপিক ভক্তৰ হে পাৰ্টি বুলি কয়। উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে নিজৰ চৰকাৰৰ বিৰুদ্ধে থিয় দি সভা খনত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকো সমালোচনা কৰে৷