ডিজিটেল ডেস্কঃ ভাটৌৰ দৰে আওৰাই জি এছ টিৰ কথা ক’ব পাৰে, পিছে দেশৰ কেবাজনো ৰাজনৈতিক মহাৰথীয়ে নাজানে জি এছ টি খায়নে পিন্ধে। দেশৰ কৰ প্ৰণালীৰ ঐতিহাসিক সংস্কাৰৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ সময়ত প্ৰকট হৈ পৰিছে বৰমূৰীয়াৰ অজ্ঞতা।
আনৰ পৰা শুনি ভাষণ দিলেও যে জি এছ টিৰ ফলাফল আৰু উদ্দেশ্যৰ কথা মুঠেও নাজানে সেয়া প্ৰমাণ হ’ল উত্তৰ প্ৰদেশৰ এজন মন্ত্ৰীৰ কথাত। ৰাজ্যখনৰ বিজেপি চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰামাপতি শাস্ত্ৰীক এই বিষয়ত প্ৰশ্ন কৰিছিল সাংবাদিকে।