কাজিৰঙাঃ অসমৰ সৰ্ব প্ৰকাৰৰ ৰাইজৰ জনমতক উপেক্ষা কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ পৰিছে৷
ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে৷ দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যৰ পুৰোধা ব্যক্তি সকলৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছে৷