ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীয়ে যোগান পৰিদৰ্শকক কৰা ব্যৱহাৰৰ চৰ্চা দেশজুৰি হ’বলৈ আৰম্ভ হৈছে। মেনকা গান্ধীয়ে নিজ লোকসভা সমষ্টি পলিভিটত জনতা দৰবাৰ অনুষ্ঠিত কৰাৰ সময়তে কোনো কথাৰ অৱতাৰণা কৰি গালি দিয়ে এগৰাকী যোগান বিষয়াক।
জনতা দৰবাৰত কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন মন্ত্ৰী মেনকা গান্ধীক ৰাইজে কোটা ব্যৱস্থাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছতে উত্তেজিত মন্ত্ৰীগৰাকীয়ে জনতা দৰবাৰ অনুষ্ঠান চলি থকা সময়তে চৰকাৰী বিষয়াক তৰ্জন গৰ্জন কৰে।
ইমানে নহয় এগৰাকী বিষয়াক সন্মুখলৈ মাতি তই পেটুৱা হৈছা। তই বেয়া মানুহ। তোৰ আয়তকৈ বেছি সম্পত্তি আছে তাৰ তদন্ত কৰা হ’ব বুলি কয়। সকলোৰে সন্মুখত পৰামৰ্শ দি গান্ধীয়ে বিষয়াগৰাকীক কয় ''লাজ লাগিব লাগে, তোৰ কি সন্মান আছে।
মানুহে সন্মানক লৈ জীয়াই থাকে, এনেদৰে নহয়।’’ বিষয়াজনক দৰবাৰত উপস্থিত থকা লোকৰ সন্মুখতে অপমান কৰাৰ অভিযোগ উত্থাপন হয় মেনকা গান্ধীৰ বিৰুদ্ধে৷ ৰাইজৰ অভিযোগৰ পিছতেই খঙে চুলিৰ আগ পায় মেনকা গান্ধীৰ৷ ফলত মেনকা গান্ধীয়ে বিষয়াৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰিবলৈ আৰম্ভ কৰে।
source_firstpost