ডিজিটেল ডেস্কঃ পাকিস্তানৰ দিশেৰে বৈ যোৱা নদীৰ পানীৰে এইবাৰ দেশৰ জলসংকট দূৰ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰে হাতত লোৱা নতুন আঁচনিৰ জৰিয়তে হাৰিয়ানা, পঞ্জাৱ তথা ৰাজস্থান আদি ৰাজ্য জলসংকটৰ পৰা পৰিত্ৰাণ লাভ কৰিব৷ এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় জলসিঞ্চন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷
ভাৰতীয় উদ্যোগ পৰিসংঘত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ গাডকাৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰে দেশত এক নতুন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷ নতুন আঁচনি অনুসৰি নলা-নৰ্দমাৰ পানীৰ পৰিৱৰ্তে পাইপ সংযোজন পদ্ধতিৰে কৃষকক পানী যোগান ধৰিব চৰকাৰে৷ ইয়াৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ অহা ৬ হাজাৰ কোটি টকা ৰাহি হ’ব৷