internet

newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে ঘোষণা কৰা হ’ল স্বচ্ছতা জৰীপ-২০১৮ৰ ফলাফল৷ ফলাফলত ইন্দোৰে একাৰাহে দ্বিতীয়বাৰৰ বাৰৰ বাবে স্বচ্ছতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে বুধবাৰে স্বচ্ছতা জৰীপ-২০১৮ৰ ফলাফল ঘোষণা কৰে৷ ফলাফল ঘোষণা কৰি তেওঁ কয়, ‘মই এয়া ক’বলৈ পাই সুখী অনুভৱ কৰিছো যে ইন্দোৰে দ্বিতীয়বাৰৰ বাবে স্বচ্ছতাৰ খিতাপ অৰ্জন কৰিছে৷’ আনহাতে স্বচ্ছতা জৰীপত ভুপাল দ্বিতীয় স্থান আৰু চণ্ডীগড় তৃতীয় স্থানত আছে৷

স্বচ্ছতা জৰীপ-২০১৮ত ঝাৰখণ্ডক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শকাৰী ৰাজ্য হিচাপে বাচনি কৰা হৈছে৷ ইয়াৰ পিছতে স্থান লাভ কৰিছে মহাৰাষ্ট্ৰ আৰু চত্তীশগড় ৰাজ্যই৷ এই জৰীপে দেশৰ বিভিন্ন চহৰৰ স্বচ্ছতাৰ মান্যতা প্ৰদান কৰে৷ আনহাতে হৰদ্বীপ সিং পুৰীয়ে ৰয় স্বচ্ছতাৰ অভিযানত আটাইতকৈ বেয়া ফল দেখুওৱা চহৰ সমূহৰ নাম বঁটা বিতৰণৰ সময়ত প্ৰকাশ কৰা হ’ব৷

ইন্দোৰ দ্বিতীয়বাৰৰ বাবে দেশৰ সৰ্বশ্ৰেষ্ঠ পৰিস্কাৰ চহৰ হিচাপে ঘোষণা হোৱাৰ পিচতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে ইন্দোৰবাসী আৰু প্ৰশাসনক স্বচ্চতা জৰীপ-২০১৮ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু চহৰ খনে ভৱিষ্যতেও এনে ফলাফল দেখুৱাব পাৰিব বুলি আশা প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, স্বচ্ছতা জৰীপ-২০১৮ত দেশৰ ৪২০৩ খন চহৰৰ পৰিস্কাৰ পৰিচ্ছনতাৰ জৰীপ কৰা হৈছে৷ এই জৰীপ ২০১৮ চনৰ ৪ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল৷ আনহাতে যোৱা বৰ্ষত দেশৰ ৪৩৪ খন চহৰৰ নাম এই জৰীপত অন্তৰ্ভুক্ত কৰা হৈছিল৷ ২০১৪ চনত স্বচ্ছতা অভিযানৰ যোগেদি আৰম্ভ কৰা স্বচ্চতা জৰীপ অভিযানৰ এইবাৰ তৃতীয় বৰ্ষ আছিল৷