www.newsnextone.com| তেজপুৰঃ তেজপুৰ মহাভৈৰৱ হৰিসভা দূৰ্গাপূজা মণ্ডপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখে অহাৰ পথত বন-পৰিৱেশ, মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী গৰাকী শুক্ৰবাৰে নিশা ৯ বজাত উপস্থিত হয় তেজপুৰত৷ তেজপুৰৰ হৰিসভা সমিতিয়ে এইবাৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষে পূজা সমিতিয়ে নিমন্ত্ৰণ জনাইছিল মন্ত্ৰী গৰাকীক আৰু পূজা সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি এনেদৰে নিশা তেজপুৰৰ হৰিসভা পূজা মণ্ডপত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷
পূজা সমিতিৰ উষ্ম আদৰণি গ্ৰহণ কৰি মন্ত্ৰী শুক্লবৈদ্যই তেজপুৰৰ ৭৫ বছৰীয়া হৰিসভা পূজা মণ্ডপত উপস্থিত হ’বলৈ পাই নিজকে সুখী বুলি ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে৷