ওদালগুৰিঃ তেজপুৰৰ বিতৰ্কিত সাংসদ আৰপি শৰ্মাক উভতি ধৰিলে মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷ মন্ত্ৰী ৰিহনে সস্তীয়া প্ৰচাৰ তথা TRPৰ বাবে সংবাদ মাধ্যমৰ আগত যি কোনো ভাষ্য প্ৰদান কৰে বুলে গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপি সাংসদ আৰপি শৰ্মাৰ বিৰুদ্ধে।
তেওঁ মূল স্থান পৰিদৰ্শন কৰাৰ পৰিবৰ্তে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি মন্তব্য প্ৰদান কৰে। সেয়েহে তেওঁ মূল স্থানসমূহ পৰিদৰ্শন কৰা উচিত। তেওঁ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত এই সম্বন্ধে নিমাত আছিল কিয় আছিল বুলিও কয় ৰিহনে?