বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ৰাষ্ট্ৰীয় লকডাউনৰ সময়ত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাটো বোকাজান মহকুমা প্ৰশাসন, বোকাজান স্বাস্থ্য বিভাগ, মহকুমা আৰক্ষী বিভাগ, অগ্নিনিৰ্পাবক বাহিনী, বোকাজান পৌৰসভা, বোকাজান মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি দিন-ৰাতি একাকাৰ কৰি বিভিন্ন ধৰণৰ সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।
এনে এক সময়তে ক’ভিড-১৯ সম্পৰ্কে অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ গাতে লাগি থকা বোকাজান মহকুমাৰ বিভিন্ন প্ৰস্তুতিৰ সম্পৰ্কে বুজ ল’বলৈ আজি বোকাজানত হঠাতে উপস্থিত হয়হি অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাং। মন্ত্ৰীগৰাকীয়ে প্ৰথমে সৰিয়হজানস্থিত ছাই হোষ্টেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ ব্যৱস্থা সমূহৰ বুজ লোৱাৰ পাছতেই অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্ত এলেকা পৰিদৰ্শন কৰে। সীমান্ত এলেকাৰ পৰিদৰ্শনৰ সময়ত লাহৰিজানত থকা গড়কাপ্টানী বিভাগৰ কাৰ্যালয়টোৰ কাষতে মাটি বে-দখল কৰা কাৰ্য প্ৰত্যক্ষ কৰি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে উক্ত স্থানত এটা আৰক্ষীৰ পহৰা চকী খোলাৰ বাবেও এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।