বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ৰাষ্ট্ৰীয় লকডাউনৰ সময়ত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। মাৰাত্মক ক'ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাটো বোকাজান মহকুমা প্ৰশাসন, বোকাজান স্বাস্থ্য বিভাগ, মহকুমা আৰক্ষী বিভাগ, অগ্নিনিৰ্পাবক বাহিনী, বোকাজান পৌৰসভা, বোকাজান মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি দিন-ৰাতি একাকাৰ কৰি বিভিন্ন ধৰণৰ সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

এনে এক সময়তে ক'ভিড-১৯ সম্পৰ্কে অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ গাতে লাগি থকা বোকাজান মহকুমাৰ বিভিন্ন প্ৰস্তুতিৰ সম্পৰ্কে বুজ ল'বলৈ আজি বোকাজানত হঠাতে উপস্থিত হয়হি অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাং। মন্ত্ৰীগৰাকীয়ে প্ৰথমে সৰিয়হজানস্থিত ছাই হোষ্টেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ ব্যৱস্থা সমূহৰ বুজ লোৱাৰ পাছতেই অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্ত এলেকা পৰিদৰ্শন কৰে। সীমান্ত এলেকাৰ পৰিদৰ্শনৰ সময়ত লাহৰিজানত থকা গড়কাপ্টানী বিভাগৰ কাৰ্যালয়টোৰ কাষতে মাটি বে-দখল কৰা কাৰ্য প্ৰত্যক্ষ কৰি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে উক্ত স্থানত এটা আৰক্ষীৰ পহৰা চকী খোলাৰ বাবেও এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বোকাজানৰ হাতীগড়স্থিত দয়ানন্দ বিদ্যা নিকেতনত প্ৰৱেশ কৰে। ইতিমধ্যে বহিঃৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিবলগীয়া মহকুমাটোৰ লোকসকলক উক্ত বিদ্যালয় গৃহত কোৱাৰেণ্টাইনত ৰখাৰ বাবে দয়ানন্দ বিদ্যা নিকেতনক কোৱাৰেণ্টাইন কেন্দ্ৰৰূপে সাজু কৰি তোলা হৈছে আৰু মন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰটোৰ প্ৰস্তুতি সমূহৰ বুজ লয়। ইয়াৰ উপৰি বোকাজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন হবলগীয়া ব্লাড বেংকৰো সুবিধা সমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষৰ লগত বিতংভাৱে আলোচনা কৰে।

আজি মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত তেওঁক সহযোগিতা আগবঢ়াই বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম'মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকন, কাৰ্যবাহী সদস্য জগত ছিং ইংতি, নিলীপ পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য পবিত্ৰ ৰংপি, মহকুমাধিপতি দিলীপ তেৰাং, মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজান মহকুমা স্বাস্থ্য বিভাগৰ চিকিৎসক তথা বিষয়াকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তিয়ে।