কাজিৰঙাঃ বোকাখাতৰ লতাবাৰী আহোম গাওঁৰ ডিফলু নদীত আজি এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

ঘটনা অনুসৰি ডিফলু নদীৰ পানীত উটি অহা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ 

মৃতদেহটো নাহৰজান চাহ বাগিচাৰ দিলীপ তাঁতীৰ কিশোৰ পুত্ৰ সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে৷