newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নী নগৰৰ পৰা প্ৰায় ২৯ কিঃ মিঃ নিলগৰ নকচাৰি চেলেঙৰ ৭নং লাইনৰ এগৰাকী কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জিলা খনৰ চেলেংহাট উপ-আৰক্ষী চকীৰ অন্তৰ্গত চেলেঙৰ ৭নং লাইনৰ বাসিন্দা ৰাজ গড় আৰু ববিতা গড়ৰ একমাত্ৰ পুত্ৰ ১০ বছৰীয়া অভিজিত গড়ৰ মৃত্যু হয়৷ এই মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷

একাংশ লোকে জানিবলৈ দিয়া মতে, যোৱা ২৩ জুনৰ বিয়লি অভিজিত গড় নামৰ দহ বছৰীয়া কিশোৰজনে জাঁজী নৈত অইন দিনাৰ দৰে গা ধুবলৈ গৈছিল৷ তেনেতে জাঁজী নৈৰ খহনীয়া ৰোধ কৰাৰ বাহেৰে নিৰ্মাণ কৰা পাৰ্কুপাইন আঘাতপ্ৰাপ্ত হয় অভিজিত৷

গা ধুই আহি দেহত পোৱা আঘাতৰ কথা মাতৃয়ে গালি পাৰিব বুলি নোকোৱা কৈ থাকে৷ আঘাতপোৱাৰ কথা পিতৃ-মাতৃক নোকোৱাকৈ থাকে৷ শনিবাৰে দিনত ঘৰৰ পৰা নোলায় পঢ়া-শুনা নকৰি ঘৰতে থাকে৷ তেনেতে কোনো কথাক লৈ মাতৃ ববিতা গড়ে পুত্ৰ অভিজিতক চেন্দেলেৰে তিনি কোব মাৰে৷ এনেদৰে থকাৰ পিছত দুপৰীয়া অভিজিতৰ পেটৰ বিষ হোৱা বুলি কয় মাকক৷ মাতৃয়ে চিন্তিত হৈ পুত্ৰক বিয়লি আমগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায়৷

ক্ৰমান্বয়ে অৱস্থা বেয়াৰ পিনে যোৱাত আমগুৰি অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লে প্ৰেৰণ কৰে অভিজিতক৷ দেওবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অভিজিতৰ চিকিৎসা চলে৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুস্থ হৈ উঠে যদিও নিশা প্ৰায় ১১ বজাত কিশোৰ অভিজিতৰ মৃত্যু হয়৷ 

সোমবাৰে পুৱা অভিজিতৰ মৃতদেহ ঘৰলৈ অনাত বিভিন্ন কথা প্ৰচাৰ হ’বলৈ ধৰে৷ একাংশ লোকে মাতৃৰ মাৰত মৃত্যু হোৱা বুলি কয়৷ আন একাংশই মাক-দেউতাকে নিজৰ সন্তানক হত্যা কৰিব নে কি বুলি প্ৰশ্ন উত্থাপন কৰে৷ এই খবৰ ৰাষ্ট্ৰ হোৱাত চেলেংহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে৷

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ তদন্তৰ প্ৰতিবেদন আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পিছতহে জানিব পৰা যাব৷ নাউজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল অভিজিত৷