নগাঁওঃ চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত মৃত্যৰ ওচৰত হাৰ মানিলে বটদ্ৰৱাৰ ধৰ্ষিতা ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে৷ পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হয় শুকুৰবাৰে দিনৰ ভাগত৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত তিনিগৰাকী যুৱকে প্ৰথমে ধৰ্ষণ পিছত জ্বলাই হত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীক৷
বহু পলমকৈ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতেই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়ত মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও নিশা কিশোৰীগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷