newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত মাউৰিয়াগাঁঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। জিলাখনৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত মাউৰিয়াগাঁৱৰ গণকান্ত ব্ৰহ্মৰ কন্যা কবিতা ৰাণী ব্ৰহ্ম (৮) আৰু বিনয় মুছাহাৰীৰ কন্যা পামী মুছাহাৰী (৮)য়ে ঘৰৰ কাষেৰে বৈ যোৱা লংঙা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ হয়৷ ফেনে ফোটাকাৰে বাঢ়ি অহা নৈৰ বাঢ়নি পানীয়ে দুয়োটি শিশুক উটুৱাই লৈ যায়৷

ইফালে বহুসময় ধৰি শিশুদুটি ঘৰলৈ উভতি নহাত দুয়োটা পৰিয়ালৰ লোকে বিচাৰ খোচৰ আৰম্ভ কৰে। নৈৰ পাৰত শিশু দুটিৰ কাপোৰ কানি উদ্ধাৰ হোৱাত শিশু দুটি পানীত ডুব যোৱা বুলি সন্দেহ কৰি স্থানীয় ৰাইজৰ সহযোগত দুয়োটা পৰিয়ালৰ সদস্যই বিচাৰ খোচৰ আৰম্ভ কৰে যদিও সন্ধান উলিয়াবলৈ ব্যৰ্থ হোৱাত নিশা আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে নিশাই স্থানীয় গাঁওবাসীক লৈ উদ্ধাৰ অভিযান চলোৱাৰ সমান্তৰালভাৱে এনডিআৰএফ আৰু এচডিআৰএফক ঘটনা সন্দৰ্ভত অৱগত কৰে।

ঘটনাৰ খবৰ লাভ কৰি দেওবাৰে পুৱাৰে পৰা এনডিআৰএফ আৰু এচডিআৰএফে যৌথভাৱে প্ৰায় ১০ কোলোমিটাৰ জুৰি নৈত অভিযান চলায় যদিও মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে। আনহাতে ঘটনাস্থলীৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ তথা ধুবুৰী জিলাৰ গৌৰিপুৰ থানাৰ অধীনৰ আটানীতহে কবিতা ৰাণী ব্ৰহ্মৰ মৃতদেহ মাছমৰীয়াই উদ্ধাৰ কৰে। মাছমৰীয়াই শিশুৰ মৃতদেহ প্ৰত্যক্ষ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আটানী আৰক্ষী চকীলৈ লৈ আহে।

পিছত কোকৰাঝাৰ আৰক্ষী আৰু ধুবুৰী আৰক্ষীৰ যোগাযোগ মৰ্মে শিশুটিৰ ফটো প্ৰত্যক্ষ কৰি কবিতা ৰাণী ব্ৰহ্মৰ পিতৃয়ে সেয়া তেওঁৰ কন্যা বুলি চিনাক্ত কৰে আৰু মৃতদেহ চমজি লবলৈ আটানী আৰক্ষী চকীত উপস্থিত হয়। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমল গুপ্তাই শিশুদুটি গা ধুবলৈ আহি পানীত ডুব যায় বুলি সন্দেহ প্ৰকাশ কৰিছে।

পানীত ডুবি কৰুণ মৃত্যুক সাৱটি লোৱা কবিতা ৰাণী ব্ৰহ্মৰ পিতৃ গণকান্ত ব্ৰহ্মই শনিবাৰে বিয়লি প্ৰায় তিনিবজাৰ পৰাই তেওঁৰ কন্যা সন্ধানহীন হৈ থকাৰ কথা সদৰি কৰি মাছমৰীয়াই তেওঁৰ কন্যাৰ মৃতদেহ আটানীত উদ্ধাৰ কৰা বুলি সদৰি কৰিছে। ঘটনাৰ খবৰ লাভ কৰিয়ে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী ঘটনাস্থলীত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়ালবৰ্গক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। বাতৰি লিখা পৰলৈকে আনগৰাকী শিশু পামী মুছাহাৰী (৮) অদ্যপি সন্ধানহীন হৈ আছে। সন্ধানহীন হৈ থকা পামী মুছাহাৰীৰ সন্ধান উলিয়াবলৈ এনডিআৰএফ আৰু এচডিআৰএফে ধুবুৰী জিলাৰ আঠানী অঞ্চললৈকে অভিযান অব্যাহত ৰাখিছে।