newsnextone.com | ওদালগুৰিঃ ৰাজ্যত ক্ৰমান্বয়ে জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে জাপানীজ এনকেফেলাইটিছে নিয়ন্ত্ৰণ কৰাৰ বাবে যেনেদৰে উঠিপৰি লাগিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে ৰাজ্যত কেবাগৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় শতাধিক লোক আক্ৰান্ত হোৱাৰ সময়তে ওদালগুৰি জিলাৰ  এগৰাকী ছাত্ৰীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ওদালগুৰি জিলাত বিভিন্ন প্ৰান্তত মেলেৰীয়াকে ধৰি জণ্ডিজ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে যদিও জিলা স্বাস্থ্য বিভাগ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। যদিও বৰ্তমান সময়ত এই ৰোগৰ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। ওদালগুৰিকে ধৰি জিলাখনৰ ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা দেখা গৈছে জ্বৰসদৃশ ৰোগীৰ সংখ্যা। এনে জ্বৰ সদৃশ ৰোগত আক্ৰান্ত হৈয়ে ওদালগুৰি জিলাৰ ১নং পানীমুদী গাঁৱৰ ৰুইৰূপ দৈমাৰী(১১) নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। 

জানিব পৰা মতে, মুৰৰ বিষ আৰু জ্বৰত ভূগী থকা ছাত্ৰীগৰাকীৰ অভিভাৱকে বিগত ১৮ জুলাইত আমিনগাওঁস্থিত নাৰায়ণা চুপাৰস্পেচিলিটী হাস্পতালত ভৰ্তি কৰাইছিল। পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকে ছাত্ৰীগৰাকীৰ দেহত জাপানিছ এনকেফেলাইটিছ ৰোগৰ বীজাণুৰ অৱস্থিতিৰ সন্দেহ কৰে বুলি পৰিয়ালৰ এক সূত্ৰই জানিবলৈ দিয়ে। অৱশেষত চিকিৎসাধীন অৱস্থাত বিগত ২৩ জুলাইত দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছত গাওঁখনত এক আতংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ কথা বিভিন্ন সূত্ৰে জানিব পৰা গৈছে।

 ইফালে একেখন গাঁৱৰে আন এগৰাকীৰ দেহত একে ৰোগৰ বীজাণু ধৰা পৰা বুলি জানিব পৰা গৈছে। এই খবৰ বিয়পি পৰাৰ পাছতোঁ জিলা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গাওঁবাসীয়ে এই সন্দৰ্ভত স্বাস্থ্য বিভাগক অৱগত কৰা স্বত্বেও বিভাগতোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিভাগৰ নিস্ক্ৰিয় ভূমিকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বিটিএডি সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে পানীমুদী গাওঁবাসীক আতংকমুক্ত কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে।