newsnextone.com | ওদালগুৰিঃ ৰাজ্যত ক্ৰমান্বয়ে জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে জাপানীজ এনকেফেলাইটিছে নিয়ন্ত্ৰণ কৰাৰ বাবে যেনেদৰে উঠিপৰি লাগিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে ৰাজ্যত কেবাগৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় শতাধিক লোক আক্ৰান্ত হোৱাৰ সময়তে ওদালগুৰি জিলাৰ এগৰাকী ছাত্ৰীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।