89
খাৰুপেটীয়াঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘন্য ধৰ্ষণ কাণ্ড। এইবাৰ দৰঙৰ খাৰুপেটীয়াত এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে ২৫ বছৰীয়া এজন যুৱকে। পাষণ্ড এই যুৱকজন হৈছে খাৰুপেটীয়াৰ ঘণশিমূলী(বালুগাঁৱ)ৰ ইছপ আলী।
প্ৰাপ্ত বাতৰি মতে, নাবালিকাগৰাকীক ফুৰিবলৈ বুলি ফুচুলাই মাতি নি কু-কৰ্ম সংঘটিত কৰে পাষণ্ড ইছপে। পিছত নাবালিকাগৰাকীয়ে মাতৃ আৰু জ্যেষ্ঠ ভগ্নীক কথাটো অৱগত কৰে। লগে লগে আৰক্ষীৰ কাষ চাপিবলৈ সাজু হয় পৰিয়ালৰ লোকসকল।