নামতিঃ উত্তৰ প্ৰদেশৰ উন্নাও আৰু জম্মু কাশ্মীৰৰ কাঠুৱাৰ কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডই দেশ উত্তাল কৰি থকাৰ সময়তে শিৱসাগৰ জিলা আৰক্ষীয়ে কিশোৰী অপহৰণকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰাৰ চেষ্টা কৰাৰ লগতে পিতৃক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পিছতেই শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাত এটি পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক সোধ-পোছৰ বাবেও থানালৈ মাতি নানিলে বুলি অভিযোগ উত্থাপন হৈছে৷ আৰক্ষী থানাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰ চাপে যদিও যোৱা ডেৰমাহে অভিযুক্তক আটক নকৰিলে আৰক্ষীয়ে৷