newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ধলাৰ পৰা মাতৃসহ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলৰ দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ ঘটনাই চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ কণমানি শিশুক অপহৰণ কৰে অৰুণাচলী দুৰ্বৃত্তই৷ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক গোঁসাই গাঁৱৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ বৰডিৰাক গোসাই গাঁৱৰ বেনাই মহন্তৰ ৭ বছৰীয়া কন্যা ববী মহন্তক চকলেট আৰু চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দি অৰুণাচলী লোকে অপহৰণ কৰি নিয়ে। এজন অৰুণাচলী লোক যোৱা দুদিন পূৰ্বে গোসাই গাঁৱলৈ আহিছিল। তাৰ মাজতে, যোৱা ১০ জুলাইৰ বিয়লি অৰুণাচলী লোকগৰাকীয়ে বিপদত পৰা বুলি কৈ বেনাই মহন্তৰ ঘৰত এটা নিশাৰ বাবে থাকিব বিচাৰে৷