newsnextone.com | তামুলপুৰঃ পিতৃ আৰু আইতাকৰ নিৰ্যাতন সহিব নোৱাৰি এগৰাকী ৮ বছৰীয়া কিশোৰে ঘৰ এৰি ভূটান অভিমূখে ৰাওনা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে তামুলপুৰত৷ গুৱাহাটী মহানগৰীৰ গড়চুক গাখীৰ চ’কৰ এটি ৮ বছৰীয়া কিশোৰ বুধবাৰে ৰঙিয়া-ভূটান পথত বাছৰ পৰা নমাৰ সময়তে একাংশ লোকে বাক্সা জিলাৰ তামুলপুৰত উদ্ধাৰ কৰে৷ কিশোৰ জনে তেওঁৰ নাম অনাচ মাৰাক বুলি কৈ গুৱাহাটী মহানগৰীৰ গড়চুক গাখীৰ চ’কত ঘৰ বুলি কোৱাৰ লগতে বৰাগাঁৱৰ গ্ৰেচ ইডুকেচনেল ইনষ্টটিউটৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ বুলি কয়৷

বৰ্তমান তামুলপুৰ আৰক্ষীৰ জিম্মাত থকা কিশোৰজনক পূৰ্বেই মাতৃয়ে এৰি থৈ যোৱা বুলিও কয়। পিতৃয়ে দিন হাজিৰা কৰি ঘৰ চলাই যদিও মদ্যপান কৰি আইতাক আৰু পিতৃয়ে গালি-গালাজ কৰাৰ লগতে নিৰ্যাতল চলোৱা বুলি অভিযোগ কৰে৷ পিতৃ আৰু আইতাকৰ নিৰ্যাতনৰ বলি হৈ মঙলবাৰে ঘৰৰ পৰা ওলাই অহা বুলি কয়৷ 

মালিগাঁও ৰেল ষ্টেচনত এটা নিশা কটায় বাছেৰে তামুলপুৰত উপস্থিত হয়৷ তামুলপুৰৰ পূৰণি চকত গাড়ীৰ পৰা নামি ঘুৰি ফুৰা কৰি থকা অৱস্থাত স্থানীয় লোক সোধ-পোছ কৰাত গুৱাহাটীৰ পৰা অহা বুলি কয়৷ তাৰ পিছতে ৰাইজে তামুলপুৰ আৰক্ষী থানাত গতাই দিয়ে কিশোৰজনক৷ তামুলপুৰ আৰক্ষীয়ে কিশোৰজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰৰ বাবে গড়চুক আৰক্ষীৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷