বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ হেমাৰবৰিত এগৰাকী গৃহৰক্ষী জোৱানৰ পিষ্টলেৰে কিশোৰে গুলী চলাই প্ৰাণ ললে এগৰাকী মহিলাৰ৷ গৃহৰক্ষী জোৱানৰ কণমানি ভতিজাকে গুলী চালনা কৰি বৰমাক ৰূপৰেখা বৰাৰ প্ৰাণ লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, অসম আৰক্ষীৰ জোৱান উৎপল কাকতিৰ ঘৰ নগাঁৱৰ দক্ষিণপাতত যদিও তেও ভাড়াতীয়া হিচাপে চামগুৰিৰ হেমাৰবৰিত থাকে। জোৱান উৎপল বৰাই দেওবাৰে ভাড়া ঘৰলৈ আহোতে চাৰ্ভিচ পিষ্টলটো লগত লৈ আহে৷ জোৱানজন ঘৰলৈ আহোতে লগত লৈ অহা পিষ্টলটো টেবুলত থৈ বিছনাত শুই পৰে৷ তেনেতে টেবুলত থকা পিষ্টলটো লৈ কণমানি ভতিজাকে খেলিবলৈ ধৰে। উৎপল কাকতিৰ শাহু ৰূপৰেখা বৰা আহিছিল জোঁৱায়েকৰ ঘৰলৈ।