বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ হেমাৰবৰিত এগৰাকী গৃহৰক্ষী জোৱানৰ পিষ্টলেৰে কিশোৰে গুলী চলাই প্ৰাণ ললে এগৰাকী মহিলাৰ৷ গৃহৰক্ষী জোৱানৰ কণমানি ভতিজাকে গুলী চালনা কৰি বৰমাক ৰূপৰেখা বৰাৰ প্ৰাণ লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, অসম আৰক্ষীৰ জোৱান উৎপল কাকতিৰ ঘৰ নগাঁৱৰ দক্ষিণপাতত যদিও তেও ভাড়াতীয়া হিচাপে চামগুৰিৰ হেমাৰবৰিত থাকে। জোৱান উৎপল বৰাই দেওবাৰে ভাড়া ঘৰলৈ আহোতে চাৰ্ভিচ পিষ্টলটো লগত লৈ আহে৷ জোৱানজন ঘৰলৈ আহোতে লগত লৈ অহা পিষ্টলটো টেবুলত থৈ বিছনাত শুই পৰে৷ তেনেতে টেবুলত থকা পিষ্টলটো লৈ কণমানি ভতিজাকে খেলিবলৈ ধৰে। উৎপল কাকতিৰ শাহু ৰূপৰেখা বৰা আহিছিল জোঁৱায়েকৰ ঘৰলৈ।

কণমানিয়ে খেলি থাকোতেই হঠাৎ ঘটিল অঘটন। সেই সময়তে কণমানি কিশোৰটোৱে পিষ্টলেৰে খেলি থকা অৱস্থাত পিষ্টলৰ গুলী ফুটি উৎপল কাকতিৰ শাহু ৰূপৰেখা বৰাৰ দেহত লাগে৷ শাহু ৰূপৰেখা বৰাৰ দেহত গুলী লাগি গুৰুতৰ ভাৱে আহত হয়৷ পিছত মহিলাগৰাকীক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ জানিব পৰা মতে, গুৱাহাটীৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দেহৰক্ষী অসম আৰক্ষীৰ জোৱান উৎপল কাকতি।