newsnextone.com | গুৱাহাটীঃ আজি দিশপুৰ প্ৰেছ ক্লাৱত বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল আয়োজন কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই হোৱাটচাপত নটিছ প্ৰেৰণ কৰি দলৰ পৰা বহিস্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীয়ে৷ সংবাদমেলত মীৰা বৰঠাকুৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, তেওঁ দলৰ কিছুমান কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই তেওঁক দলীয়া নেতা-পালিনেতাসকলে গুৰুত্ব প্ৰদান নকৰে৷ 

তেওঁ কয় যে, তেওঁ সদায় বিজেপি দলৰ সংবিধানক সন্মান জনাই আহিছে কিন্তু একাংশ পাবত গজা দলীয় নেতাই দলৰ সংবিধান অৱমাননা কৰি তেওঁক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ ইফালে, দলত গুৰুত্ব প্ৰদান নকৰা আৰু দলৰ পৰা কোনো কাৰ্যকৰী বাৰ্তা প্ৰেৰণ নকৰাকৈ তেওঁক দলৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত তেওঁ ২৭ খন পত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে যদিও এখন পত্ৰৰ উত্তৰো তেওঁ লাভ কৰা নাই বুলি মন্তব্য কৰে বৰঠাকুৰে৷ 

মীৰা বৰঠাকুৰে কয়, ‘মোক দলৰ পৰা বহিস্কাৰ কৰা আৰু বিজেপিৰ ভিতৰ চৰাত চলি থকা অনৈতিক কাৰ্যকলাপৰ বিৰোধিতা কৰি মই সৰ্বমুঠ ২৭ খন চিঠি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছোঁ যদিও এই পৰ্যন্ত এখন চিঠিৰ উত্তৰো মোক দিয়া হোৱা নাই৷ মই যদি প্ৰেৰণ কৰা চিঠি সমূহ সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰোঁ, তেন্তে দলৰ ভাৱমুৰ্তি বিনষ্ট হ’ব৷ কিন্তু একাংশ তথাকথিত দলীয় নেতাৰ বাবেই মই বিজেপি দলৰ ভাৱমুৰ্তি নষ্ট হ’ব দিব নোখোজো৷ এতিয়াও বিজেপিত ভাল নেতা বহু আছে৷ যিয়ে মোক আজিৰ সময়তো জীয়াই থাকিবলৈ প্ৰেৰণা যোগাই আহিছে আথৱা দলটো জীয়াই ৰাখিবলৈ সক্ষম হৈছে৷’

সংবাদমেলত জ্যেষ্ঠ বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে ৰাজেন গোহাঁইৰ কথা উল্লেখ কৰি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ দৰে দলীয় নেতা-মন্ত্ৰীৰ বাবেই দলৰ ভাৱমুৰ্তি বিনষ্ট হৈছে বুলি কৈ তেওঁ কয় যে, যদি তেওঁ দলৰ অসৎ নেতাসকলে বিচৰা ধৰণে তেওঁলোকৰ ওচৰত দেহ সঁপি দিলেহেঁতেন তেন্তে হয়তো মীৰা বৰঠাকুৰো আজি দলৰ এগৰাকী গুৰুত্বপূৰ্ণ পদবীৰ অধিকাৰী হৈ থাকিলেহেঁতেন৷

আনহাতে, মীৰা বৰঠাকুৰে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম আৰু অসমীয়াৰ বাবে অভিশাপ স্বৰুপ৷ তেনে ক্ষেত্ৰত দলে বিচৰাৰ দৰে তেওঁ বিধেয়কখনৰ সমৰ্থন নজনাই বিৰোধিতা কৰা বাবেই দলত তেওঁৰ অস্তিত্ব শূণ্যলৈ ৰূপান্তৰিত হৈছে৷ লগতে একাংশ নতুন দলীয় নেতা-মন্ত্ৰীয়ে তেওঁৰ ওপৰত আক্ৰোশ প্ৰকাশ কৰি কেৱল হোৱাটচাপত এটা জাননী প্ৰেৰণ কৰিয়েই দলৰ পৰা উলিয়াই দিব বিচাৰিছে৷ 

জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে কয়, ‘মই বিজেপিৰ আজন্ম সদস্য৷ বিজেপি অবিহনে মোৰ পৰিচয় সদায় এটা জিৰ’৷ মোক যদি দলৰ পৰা উলিয়াই দিয়া হৈছে, তেন্তে দলীয় নেতৃবৰ্গই সেই কথা মোক জনাওক৷ মই বিনা প্ৰতিবাদে দল এৰি দিম৷ কিন্তু যদি তেনে নহয়, তেন্তে মই বিজেপি ত্যাগ কৰাৰ প্ৰশ্নই নুঠে৷’ তেওঁ পুনৰ কয়, ‘মই যদি ইচ্ছা কৰোঁ, তেন্তে বিজেপিৰ ভিতৰৰ কেইবাজনো ভণ্ড নেতাৰ ভদ্ৰতাৰ মুখা খোল খুৱাব পাৰোঁ৷’

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা আৰু কাৰ্যক লৈও সংবাদমেলত মন্তব্য কৰে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে৷ তেওঁ কয়, ‘এগৰাকী জনজাতীয় লোক আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে৷ সৰ্বানন্দ সোণোৱালৰ ভাৱ ভংগীত এজন লীডাৰৰ ভাৱমুৰ্তি প্ৰকাশ পায়৷ সেয়ে মই তেওঁক সন্মান জনাওঁ৷ কিন্তু তেওঁৰ মন্ত্ৰীসভাৰ ৰাজেন গোহাঁইৰ দৰে নেতাৰ নিৰ্লজ্জ কাণ্ড আৰু অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ তেওঁৰ ভুমিকা সন্দেহজনক৷ মই এনে কাণ্ডৰ বিৰোধিতা কৰি তেওঁলৈ এখন দুখন নহয়, ২৬ খন পত্ৰ প্ৰেৰণ কৰাৰ পিছতো তেওঁ কোনো উত্তৰ দিব নোৱাৰিলে৷ তেনে ক্ষেত্ৰত তেওঁৰ জাতিকামী কাৰ্যকলাপত প্ৰশ্ন উত্থাপন হয়৷’