newsnextone.com | গুৱাহাটীঃ আজি দিশপুৰ প্ৰেছ ক্লাৱত বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল আয়োজন কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই হোৱাটচাপত নটিছ প্ৰেৰণ কৰি দলৰ পৰা বহিস্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীয়ে৷ সংবাদমেলত মীৰা বৰঠাকুৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, তেওঁ দলৰ কিছুমান কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই তেওঁক দলীয়া নেতা-পালিনেতাসকলে গুৰুত্ব প্ৰদান নকৰে৷
তেওঁ কয় যে, তেওঁ সদায় বিজেপি দলৰ সংবিধানক সন্মান জনাই আহিছে কিন্তু একাংশ পাবত গজা দলীয় নেতাই দলৰ সংবিধান অৱমাননা কৰি তেওঁক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ ইফালে, দলত গুৰুত্ব প্ৰদান নকৰা আৰু দলৰ পৰা কোনো কাৰ্যকৰী বাৰ্তা প্ৰেৰণ নকৰাকৈ তেওঁক দলৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত তেওঁ ২৭ খন পত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে যদিও এখন পত্ৰৰ উত্তৰো তেওঁ লাভ কৰা নাই বুলি মন্তব্য কৰে বৰঠাকুৰে৷