50
মিৰ্জাঃ দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ বনাঞ্চলসমূহ একাংশ বন বিষয়াৰ সৈতে গোপন মিতিৰালিৰে বন মাফিয়াই নিঃশেষ কৰি অহাৰ অভিযোগ বহুপুৰণি।
বন বিভাগৰ লোকসকলে সদায়ে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ বাবেই দেওবাৰে দুপৰীয়া বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।