জিতুমণি দাস, মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰ আৰক্ষীৰ চকীৰ অন্তৰ্গত পলাশবাৰী পৌৰসভা এলেকাৰ বজাৰসমূহত এতিয়া অলিয়ে-গলিয়ে সুলভ হৈ পৰিছে অবৈধ বিলাতী আৰু দেশীয় সুৰাৰ ৰমৰমীয়া বেহা।
আবকাৰী নামৰ বিয়াগোম বিভাগটোৰ একাংশ বিষয়াই সুৰাৰ অবৈধ ব্যৱসায়ীৰ সৈতে কমিচনৰ বুজাবুজিৰে অঘোষিত অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ উঠি অহাৰ সময়তে মঙলবাৰে দুপৰীয়া পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত এটা দলে অভিযান চলাই এটা গুদামত মজুদ কৰি ৰখা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।