মিৰ্জাঃ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সংৰক্ষিত বনাঞ্চলসমূহ বনবিষয়াৰ ছত্ৰ ছায়াতে বন মাফিয়াই নি:শেষ কৰি অহাৰ অভিযোগ উঠাৰ সময়তে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্র সন্থাই কেইদিনমান পূৰ্বে অভিযান চলাই ২২ টা শালৰ প্ৰকাণ্ড কুণ্ডা ভৰ্তি এখন ডি আই গাড়ী জব্দ কৰি সংগঠনটোৰ কাৰ্যালয়ত এসপ্তাহ ৰখাৰ পিছত সংমণ্ডলটোৰ ডিএফ অ’ ৰঞ্জন গোস্বামীৰ নিৰ্দেশত এচিএফ বিষয়া গুণদ্বীপ দাসে সংগঠনটোৰপৰা উক্ত ডিআই গাড়ীখন চমজি লবলৈ বাধ্য হৈছিল।
উল্লেখ্য যে, উক্ত ঘটনাৰ পিছদিনা অৰ্থাৎ যোৱা ১ এপ্ৰিলৰ দুপৰীয়া বৰদুৱাৰ-ভোলাগাও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই লোহাৰঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি লোহাৰঘাটৰ বন বিষয়া শান্তনু পাটোৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবি তুলিছিল। কিন্তু ৰাজনৈতিক আশীৰ্বাদ থকা বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পিছত পুনৰ যোৱা নিশা বাগান কলঘৰৰপৰা এখন কুণ্ডাভৰ্তি এ এছ ২৫ চি চি ৯৪৩৮ নম্বৰ অটো ভেন জব্দ কৰিবলৈ সক্ষম হয়।