♦ সাংবাদিককৰ সুৰক্ষাৰ বাবে ঐক্যৱদ্ধ হ'ল বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক

জীতুমণী দাস, মিৰ্জাঃ সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰপৰা জিলা সমিতিসমূহক দিয়া নিৰ্দেশ অনুসৰি কামৰূপ জিলা সমিতিখন পূৰ্ণাংগ ৰূপত শনিবাৰে আনুষ্ঠানিকভাৱে গঠন কৰা হয়।

এই উপলক্ষে মিৰ্জাস্থিত গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোত কেন্দ্ৰীয় সমিতিৰ মনোনীত সভাপতি অনিল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মনোনীত সাধাৰণ সম্পাদক পৱিত্ৰ কুমাৰ দাসে।

আজি কামৰূপ গ্ৰাম্য জিলা ভিত্তিত অনুষ্ঠিত সাংবাদিকৰ অভিৱৰ্তনত ৰঙীয়া, শুৱালকুছি, বকো, ছয়গাঁও, পলাশবাৰী, ৰামপুৰ, আজাৰা আদি অঞ্চলৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰায় কুৰিজন সাংবাদিকে অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে বিগত সময়ছোৱাত ৰাজ্যখনৰ বৈদ্ধিক, সামাজিক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে দেশ আৰু স্বজাতিৰ হকে যিসকল সাংবাদিকে মৃত্যুক আকোঁৱালি ল’লে, তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি সভাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

এই কাৰ্যসূচীৰ পাছতেই সাধাৰণ সম্পাদক পৱিত্ৰ কুমাৰ দাসে সাংবাদিক পৰিষদৰ আদৰ্শ, নীতি আৰু লক্ষ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাপতিৰ নিৰ্দেশ অনুসৰি সাংবাদিক পৰিষদ অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।

সেই অনুসৰি উপদেষ্টা হিচাপে 'আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক মিলন কুমাৰ দাস, কামৰূপ গ্ৰাম্য জিলাৰ স্থায়ী সভাপতি অনিল কলিতা ('দৈনিক অসম’, পলাশবাৰী),  কাৰ্যকৰী সভাপতি 'দৈনিক জনমভূমি’ কাকতৰ সংবাদিক দীপক কলিতা, উপ-সভাপতি তিনিগৰাকী ক্ৰমে-বিষ্ণুৰাম দাস ('এদিনৰ সংবাদ’, বকো), বিপুল কলিতা (ৰঙিয়া, 'নেশচনেল নিউজ ডেক্স’), বিমল শৰ্মা ('নিয়মীয়া বাৰ্তা’, ৰামপুৰ), সাধাৰণ সম্পাদক পৱিত্ৰ কুমাৰ দাস ('অসমীয়া খৱৰ’, পলাশবাৰী), সহ: সাধাৰণ সম্পাদক তিনিজন ক্ৰমে-পুলিন দাস ('প্ৰতিদিন টাইম’, শুৱালকুছি), প্ৰদীপ দাস ('আসাম টকছ’, আজাৰা), পংকজ নাথ ('অসমীয়া প্ৰতিদিন’, ছয়গাঁও), কাৰ্যালয় সম্পাদক ফটিক ঠাকুৰীয়া ('জনসাধাৰণ’, মিৰ্জা), আলোচনী সম্পাদক গিৰীন্দ্ৰ কলিতা ('ডি ৱাই ৩৬৫’, মিৰ্জা), সহ: আলোচনী সম্পাদক দিপাংকৰ শৰ্মা ('দ্যা নৰ্থইষ্ট টাইমছ’, শুৱালকুছি), প্ৰচাৰ সম্পাদক জীতুমণী দাস ('দৈনন্দিন বাৰ্তা’, মিৰ্জা), চাহেব আলী ('নেচনেল নিউজ ডেক্স’, ৰঙিয়া), কোষধ্যক্ষ জগদিশ চৌধুৰী ('আমাৰ অসম’, মিৰ্জা), হিচাপ পৰীক্ষকদ্বয় অশ্বিনী কুমাৰ তালুকদাৰ ('সময়ৰ বাতৰি’, পলাশবাৰী), ৰূপম চোধুৰী ('প্ৰাগ নিউজ’, ছয়গাঁও), সাংস্কৃতিক সম্পাদক গগণ চন্দ্ৰ নাথ ('নিউজ টাইম আছাম’, মিৰ্জা), আইন উপদেষ্টাদ্বয় ক্ৰমে অধিবক্তা তপন দাস আৰু অধিবক্তা ৰবীন কলিতা আৰু ৯ গৰাকী কাৰ্যকৰী সদস্যক লৈ এখন পূৰ্ণাংগ ৰূপত কামৰূপ গ্ৰাম্য জিলা সমিতি গঠন কৰা হয়।

উক্ত সভাত উপদেষ্টা মিলন কুমাৰ দাসে গ্ৰাম্য সাংবাদিকতা ক্ষেত্ৰখনৰ লগত সংবাদ প্ৰতিষ্ঠানসমূহক দায়ৱদ্ধ কৰি ৰাখিবলৈ পৰিষদে চিন্তা চৰ্চা কৰিবলৈ আঙুলীয়ায়। শেষত শলাগৰ শৰাই আগবঢ়ায় সাধাৰণ সম্পাদক পৱিত্ৰ কুমাৰ দাসে।