মিৰ্জাঃ সমগ্ৰ ৰাজ্যত ৰঙালী বিহুৰ উৎসাহ আৰু লোকসভা নিৰ্বাচনৰ উত্তাপৰ মাজতে দক্ষিণ কামৰূপৰ ৰামপুৰৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰত বহু লোকৰ সমাগম। সকলোৰে হাতে হাতে ধূপ-ধূনা, চাকি, পূজা অৰ্চনা।

কাৰণ কলিতাৰ ঘৰত আবিৰ্ভাৱ হৈছে এটা সোণৰ মূৰ্তি। ৰামপুৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ চোতালত অইন দিনাৰ দৰে পুৱা ঝাড়ু দিয়াৰ দৰে যোৱা ১৫ এপ্ৰিল অৰ্থাৎ সোমবাৰেও পুৱা ঝাড়ু দিয়াৰ সময়ত হঠাৎ ঝাড়ু দিয়া মহিলাগৰাকীয়ে প্ৰথমে প্ৰত্যক্ষ কৰি সাপৰ নিচিনা মূৰ্তিটো হাতেৰে চুই স্পৰ্শ কৰে। তাৰ পাছতে মহিলা গৰাকীয়ে ঘৰৰ লোকৰ লগতে স্থানীয় লোকক খবৰ দিয়াত হুৱাদুৱা লাগিল অঞ্চলটোত।

নিমিষতে খবৰটো বনজুইৰ দৰে  বিয়পি পৰি মূৰ্তি চাবলৈ হেতা ওপৰা লাগে একাংশ লোকৰ। প্ৰতিকুল বতৰকো নেওচি লানি নিচিগা সোঁত বোবলৈ ধৰিলে কলিতাৰ ঘৰলৈ। ইতিমধ্যে ভক্তই মূৰ্তিটোৰ ওচৰতে ধূপ-ধূনা, চাকি-বন্তি আদি জ্বলাই পূজা-অৰ্চনা কৰে। ৰামপুৰ সুজনপাৰাত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে।

ঘৰৰ লোকৰ মতে পৰ্যায়ক্ৰমে পূৰ্বতকৈ মূৰ্তিটোৰ উচ্চতা কিছু পৰিমাণে বৃদ্ধি হৈছে। ঘৰৰ আৰু স্থানীয় লোকৰমতে এই মূৰ্টিটো সোণ অথবা পিতলৰ এটি বিষ্ণু বা মা-মনসাৰ মূৰ্তি। বৰ্তমান ৰামপুৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ বৰ্তমান ভক্তৰ লানি নিচিগা সোঁত বৈ আছে। 

দেৱেশ্বৰ কলিতা নামৰ লোকজনে জনোৱা মতে পোন প্ৰথমে এটা সৰু মূৰ্তি তেওঁলোকে দেখিবলৈ পাইছিল। পাছত মূৰ্তিটোৱে পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰীবিষ্ণু তথা মা-মনসাৰ অৱতাৰ ৰূপ গ্ৰহণ কৰে।

এতিয়া এই ঘটনাই ৰাইজৰ মাজত এক কৌতুহলৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত স্থানীয় লোকে ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগত খবৰ দিয়ে। বৰ্তমান ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনে ৰক্ষণাবেক্ষণ দি থকা পৰিলক্ষিত হৈছে।