মিৰ্জাঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান আওৰাই অহা হৈছে যদিও কাৰ্যতঃ ৰাজ্যত আজিও এই শূন্য সহনশীলতাৰ অভাৱ পৰিলক্ষিত হৈছে। তাৰেই যেন এক প্ৰমাণ পোৱা গ’ল মঙলবাৰে নিশা দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্থল বিজয়নগৰত।
দক্ষিণ কামৰূপৰ ব্যৱসায়ৰ হৃদপিণ্ডস্বৰূপ তথা চুপাৰি চিণ্ডিকেটৰ বৃহৎ ঘাটিৰূপে পৰিচিত বিজয়নগৰত বিক্ৰীকৰ বিভাগে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে অবৈধ চুপাৰিভৰ্তি দুখন ট্ৰাক । DL01GC5347 আৰু HR38S6157 নম্বৰৰ প্ৰায় ৮০ লাখ টকা মূল্যৰ চুপাৰি ভৰ্তি ট্ৰাক দুখন বিজয়নগৰৰ মাৰোৱাৰী বস্তিৰপৰা জব্দ কৰে আয়কৰ বিভাগে।