মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাত শনিবাৰে দিন দুপৰতে দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ এটাই স্থানীয় লোকৰ সন্মুখৰপৰা চুৰি কৰি মটৰচাইকেলসহ পলাবলৈ ধৰোতেই দুৰ্ঘটনাত পতিত হোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে বিয়লি প্ৰায় তিনি বজাত মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমীপৰ ভাৰত গেছ এজেঞ্চিৰ চিলিণ্ডাৰ মজুত কক্ষত কৰ্মৰত এজন কৰ্মচাৰীৰ গে’টৰ বাহিৰত ৰখাই থোৱা এএছ ০১ ডিডব্লিউ ৪৯৩৬ নম্বৰৰ ক’লা ৰঙৰ পালছাৰ বাইকখনৰ লক ভাঙি লৈ যোৱাৰ মূহুৰ্তত স্থানীয় লোকে প্ৰত্যক্ষ কৰি অনুসৰণ কৰে।