♦ পলাবলৈ সক্ষম হয় সন্ত্ৰাস সৃষ্টিকাৰী দুৰ্ধৰ্ষ চোৰ আনোৱাৰ হুছেইন ওৰফে বগা

মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাত শনিবাৰে দিন দুপৰতে দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ এটাই স্থানীয় লোকৰ সন্মুখৰপৰা চুৰি কৰি মটৰচাইকেলসহ পলাবলৈ ধৰোতেই দুৰ্ঘটনাত পতিত হোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বিয়লি প্ৰায় তিনি বজাত মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমীপৰ ভাৰত গেছ এজেঞ্চিৰ চিলিণ্ডাৰ মজুত কক্ষত কৰ্মৰত এজন কৰ্মচাৰীৰ গে’টৰ বাহিৰত ৰখাই থোৱা এএছ ০১ ডিডব্লিউ ৪৯৩৬ নম্বৰৰ ক'লা ৰঙৰ পালছাৰ বাইকখনৰ লক ভাঙি লৈ যোৱাৰ মূহুৰ্তত স্থানীয় লোকে প্ৰত্যক্ষ কৰি অনুসৰণ কৰে।

স্থানীয় লোকৰ লগতে মটৰচাইকেলখনৰ গৰাকীয়ে পিছে পিছে খেদাত দুৰ্ধৰ্ষ বাইক চোৰ হাজো থানাৰ অন্তৰ্গত শিঙিমাৰীৰ ভাৰত বৰ্মনৰ পুত্ৰ বিকাশ বৰ্মণ (২২) দুৰ্ঘটনাত পতিত হয়। 

দুৰ্ঘটনাত পতিত হোৱাত চোৰটোক স্থানীয় লোকে কৰায়ত্ব কৰি পলাশবাৰী আৰক্ষী থানাক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত অৱস্থাত দুৰ্ধুৰ্ষ বাইক চোৰ বিকাশক গ্ৰেপ্তাৰ কৰি থানালৈ আনিব খোজতে বিকাশৰ লগত থকা বেগৰ ভিতৰত দুই জাঁই সজীৱ গুলীসহ এটা ৯ এমএমৰ পিষ্টল, এডাল লোহাৰ সচাৰ কাথি, কেইবাটাও নকল চাবি, এপাত তাঁৰ কটা প্লাছ, এটা ম'বাইল, কিছু গাঞ্জা আৰু ভাৰত বৰ্মনৰ নামত থকা এএছ ০১ বিআৰ ৩১১৯ নম্বৰৰ এখন পঞ্জীয়ন কাৰ্ড আৰক্ষীয়ে জব্দ কৰে।

আনহাতে স্থানীয় ৰাইজৰ মতে দুটা বাইক চোৰ আহি এই চুৰি কাৰ্য সংঘটিত কৰিছিল বুলি জানিবলৈ দিয়াত আহত দুৰ্ধৰ্ষ চোৰ বিকাশ বৰ্মনৰপৰা এই সন্দৰ্ভত জানিব খোজাত চোৰটোৱে বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত হালীগাঁৱৰ দুৰ্ধৰ্ষ বাইক চোৰ তথা আৰক্ষীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰা আনোৱাৰ হুছেইন ওৰফে বগাও এই অভিযানত আছিল বুলি স্বীকাৰ কৰে।

অৱশ্যে বগা চোৰে স্থানীয় ৰাইজৰ চকুত ধূলি মাৰি পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে বগাক ধৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।