মিৰ্জাঃ দক্ষিণ কামৰূপৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১৪ মেৰ পৰা অনুষ্ঠিত দহ দিনীয়া হাহ, কুকুৰা পালন প্ৰশিক্ষণৰ আজি সামৰণী পৰে। এই উপলক্ষে প্ৰশিক্ষক তথা প্ৰতিষ্ঠানটোৰ সঞ্চালক দৰ্পন বৰাই সঞ্চালনা কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক বলেন কলিতাই উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি যিকোনো কৰ্ম এটি গঢ় দিবলৈ হলে নিজৰ মনোবল, দক্ষতা, জ্ঞান আদি থকাৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িব লাগে আদি বিষয়ত ভাষণ দিয়ে।
অনুষ্ঠানত বকো উন্নয়ণ খণ্ডৰ খণ্ড সমন্বয়ক অনুপম বৰঠাকুৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উক্ত প্ৰশিক্ষণৰ পৰা আহৰণ কৰা জ্ঞানৰে নিজাববিয়াকৈ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো এই সম্পৰ্কত জ্ঞান দিবলৈ আহ্বান জনায়।