ডিজিটেল ডেস্কঃ  সুদীৰ্ঘ ১৭ বছৰৰ মুৰত ভাৰতীয় সুন্দৰীয়ে আকৌ এবাৰ বিশ্বখিতাপ জিনিবলৈ সক্ষম হয়৷ বিশ্বসুন্দৰীৰ খিতাপ অৰ্জন কৰাৰ পিচত শনিবাৰে ভাৰতৰ মাটিত ভৰি থোৱাৰ লগে লগে দেশৰ ৰাজধানী দিল্লীত সুন্দৰীগৰাকীক অগণন জনতাই উষ্ম আদৰণি জনায়৷ ভগত ফুলসিংহৃ মহিলা মেডিকেল কলেজৰ ছাত্ৰী মানুষী ছিল্লৰে বিশ্বখিতাপ অৰ্জি আহি দিল্লী পোৱাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতাই তেওঁৰ সাফল্যৰ বাবে সুন্দৰী গৰাকীকলৈ উৎসাহৰ ধল বোৱাই দিয়ে৷

দিল্লী বিমান বন্দৰৰ পৰা সমগ্ৰ দিল্লী চহৰ আতচবাজীৰে পোহৰাই তোলে৷ দেশৰ নেতাসকলেও সুন্দৰীগৰাকীৰ এই সাফল্যক একে মুখে শুভেচ্ছা যাচে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে বিশ্বসুন্দৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁলোকে ভাৰতলৈ বিশ্বসুন্দৰীৰ এই খিতাপ কঢ়িয়ায় অনা বাবে মানুষী ছিল্লাৰক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে৷

ইফালে সতীৰ্থ ছাত্ৰীয়ে বিশ্বসুন্দৰীৰ চুড়ান্ত খিতাপ জয় কৰি দিল্লী আহি পোৱাৰ লগে লগে ভগত ফুলসিং মেডিকেল কলেজ আনন্দত আত্মহাৰা হৈ পৰে৷ গোটেই নিশা তেওঁলোকে নাচ-গান কৰি সমগ্ৰ কলেজ চৌহদ আনন্দ মুখৰ কৰি তোলে৷ পিচত এক সাক্ষাৎকাৰত ছিল্লাৰে কয় যে তেওঁ হৃদৰোগ বিশেষজ্ঞ হ’ব বিচাৰে আৰু গ্ৰামাঞ্চালত হস্পিতাল খুলি সাধাৰণ জনতাক সেৱা কৰিব বিচাৰে