মাজুলীঃ সন্ধিয়াৰ গৰু চপাবলৈ গৈ উভটি নাহিল মাজুলীৰ কিশোৰ৷ ৩০ আগষ্টৰ দিনা বাপুৰাম মালা নামৰ ১৪ বছৰীয়া কিশোৰজনে আবেলি পৰত নাওখন লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ গৰু আনিবলৈ গৈছিল৷ পিছে আবেলি পাৰ হৈ সন্ধিয়া হ’ল, সন্ধিয়া পাৰ হৈ ৰাতি৷ কিন্তু উভটি নাহিল বাপুৰাম৷ পাছদিনালৈকো উভটি নহাত পৰিয়ালত হুৱা-দুৱা লাগে৷
স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহত কিশোৰজনক বিচাৰি চলাথ কৰে৷ কিন্তু কোনো শুংসুত্ৰ নোলাল ১৪ বছৰীয়া বাপুৰামৰ৷ মাজুলীৰ ধনাই চাপৰিৰ কিশোৰজনৰ কোনো সম্ভেদ নোপোৱাত পৰায়াল আৰু অঞ্চলবাসীয়ে কিশোৰজনক ব্ৰহ্মপুত্ৰৰ কোবাল সোতে উটুৱাই নিয়া বুলি সন্দেহ কৰিছে৷