হায়দৰাবাদঃ তেলেংগানাত দলিত যুৱক নিৰুদ্দেশ হৈ থকা ঘটনাক নাটকীয় ৰূপ দি শনিবাৰে আৰক্ষীৰ জালত পৰে তেওঁৰ শহুৰেকসহ কেবাজনো আত্মীয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা ১ মে’ৰ পৰা সন্ধানহীন হৈ থকা দলিত অম্বুজি নৰেশ(২৩)ক উচ্চ বৰ্ণৰ তুম্মালা শ্ৰীনিৱাস ৰেড্ডিয়ে নিজ কন্যাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাত অসন্তুষ্ট হৈ পৰিকল্পিতভাৱে হত্যা কৰিছিল। কন্যা স্বাতী তুম্মালাৰ সৈতে বিবাহ কাৰ্য সম্পন্ন কৰাৰ প্ৰলোভন দেখুৱাই ৰেড্ডিয়ে মুম্বাইৰ পৰা মাতি পঠিয়াইছিল অম্বুজিক।