ডিজিটেল ডেস্কঃ ২০১৫ চনৰ পাকিস্তানৰ লাহোৰৰ পৰা নিৰুদ্দেশ হৈ থকা পাকিস্তানৰ মহিলা সাংবাদিক জিনাত চাহাজাদিক বুধবাৰে পাকিস্তানৰ সেনাই উদ্ধাৰ কৰে৷ পাকিস্তানৰ Missing Persons Commissionৰ অধ্যক্ষ জাভেদ ইকবালে জিনাত চাহাজাদিক বুধবাৰে পাক-আফগান সীমান্তৰ পৰা উদ্ধাৰ কৰা বুলি স্পষ্ট কৰে৷ পাকিস্তানৰ DAWNনামৰ ৱেব ছাইডত প্ৰকাশিত খবৰ মতে, পাকিস্তানত বন্দী হৈ থকা ভাৰতীয়ৰ মুক্তিৰ দাবীত যোৱা কেইবাটাও বছৰে সক্ৰিয় হৈ আছিল জিনাত৷
তাৰ পিছতে ২০১৫ চনৰ পৰা নিৰুদ্দেশ হয় সাংবাদিকগৰাকী৷ ভাৰতীয় লোকক সহায়ৰ বাবে ওলাই অহা মহিলা সাংবাদিকগৰাকীক পাকিস্তানৰ কট্টৰপন্থী সংগঠনে অপহৰণ কৰাৰ সন্দেহ কৰা হয়৷ ২৫ বছৰীয়া ফ্ৰিলাঞ্চ সাংবাদিকগৰাকীয়ে পাকিস্তানৰ বঞ্চিত, নিপীড়িত মানুহৰ হৈ কাম কৰিছিল৷ পাকিস্তানত নিৰুদ্দেশ হৈ থকা ভাৰতীয় নাগৰিক হামিদ আনছাৰীৰ সন্ধান উলিয়াবৰ বাবেও কাম কৰিছিল তেও৷