ডিব্ৰুগড়ঃ সোমবাৰে উজনি অসমৰ কেইবাঠাইতো মটক জনগোষ্ঠীৰ জাতীয় সংগঠনে পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ৯টা দিনে খোদ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে৷
বিশেষকৈ চৰকাৰৰ গৃহ বিভাগ লজ্জাজনক ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে পুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মটক জনগোষ্ঠীৰ তিনি সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰেৱতী ফুকনৰ সন্ধান উলিয়াবৰ বাবে দাবী জনায়৷ সদৌ অসম মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদে ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷