ডিব্ৰুগড়ঃ সোমবাৰে উজনি অসমৰ কেইবাঠাইতো মটক জনগোষ্ঠীৰ জাতীয় সংগঠনে পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ৯টা দিনে খোদ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে৷ 

বিশেষকৈ চৰকাৰৰ গৃহ বিভাগ লজ্জাজনক ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে পুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মটক জনগোষ্ঠীৰ তিনি সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰেৱতী ফুকনৰ সন্ধান উলিয়াবৰ বাবে দাবী জনায়৷ সদৌ অসম মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদে ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰণি গোহাঁইয়ে কয় ‘‘ৰেৱতী ফুকনৰ সন্ধান হোৱাত বিভিন্ন মহলত চৰ্চা চলিছে৷ পূৰ্বৰ গুপ্তহত্যাৰ দৰেই ঘটনা হ’ব পাৰে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো৷ তেখেত লোকে স্মাৰ্ট পুলিচৰ কথা কয়৷ স্মাৰ্ট পুলিচৰ কথা কোৱা গুৱাহাটী মহানগৰ পুলিচে এজন লোকৰ সন্ধান উলিয়াব নোৱাৰাতোই স্মাৰ্ট পুলিচৰ চূড়ান্ত ব্যৰ্থতা৷ আমি দাবী জনাইছো অসম চৰকাৰে শীঘ্ৰে ৰেৱতী ফুকনৰ সন্ধান উলিয়াওক৷ অন্যথাই মটক জনগোষ্ঠীয়ে প্ৰতিবাদ অব্যাহত ৰাখিম৷ চৰকাৰ খন বিফল হৈছে যাৰ বাবে এনেদৰে ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে৷ ৰাইজক নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনত অধিষ্ঠিত হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰক৷ ৰাইজক যদি এনেদৰে নিৰাপত্তা দিয়াত ব্যৰ্থ হয় তেন্তে অসমত তেওঁলোকৰ চৰকাৰ বেছিদিন বৰ্তি নাথাকিব৷’’ 

ৰেৱতী ফুকনে যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল যঠেষ্ঠ চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমালৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা ২৪ এপ্ৰিলৰ পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷