ডিব্ৰুগড়ঃ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু আছিল ৰেৱতী ফুকন৷
জানিব পৰা মতে, ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে আছে বুলি পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল যঠেষ্ঠ চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমালৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷