পাঠশালাঃ মই পাঠশালা থানাক হাতযোৰ কৰিছো মোৰ ছোৱালীটো যাতে বিহিত ব্যৱস্থা লৈ উলিয়াই দিয়ে৷ এগৰাকী পিতৃয়ে এতিয়া হাতত এখন ফটো লৈ হাহাকাৰ কৰি ঘুৰি ফুৰিছে বৰপেটা জিলাৰ পাঠশালাত৷ মহানগৰীৰ জালুকবাৰীৰ ৫ নং ওৱাৰ্ডৰ শ্বৰীফ উল্লাৰ বৰ কন্যা ৰেস্মিতা বেগমক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল৷
যাৰ বাবে সৰুৰে পৰা কন্যাৰ পঢ়া-শুনাত গুৰুত্ব প্ৰদান কৰিছিল৷ ৰেস্মিতাই মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমীত নাম লগাই দিছিল৷ এবছৰ পূৰ্বে শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাই দি হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ যোৱা এটা বছৰে হোষ্টেলত থাকি ভালদৰে পঢ়া শুনা কৰি আছিল যদিও যোৱা ৫ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হয় যুৱতীগৰাকী৷