60
টিংখাংঃ ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ, অপহৰণৰ দৰে ঘটনা৷ এনে ঘটনাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত সাপকাইট গাঁৱৰ এগৰাকী ছাত্ৰী যোৱা ২৪ জুনৰ পৰা নিখোজ হৈ থকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰী নিতা দেৱী ঘৰৰ পৰা কলেজলৈ ওলাই আহি নিখোজ হৈ আছে৷ নিতা দেৱীৰ পিতৃয়ে টিংখাং আৰক্ষীক নিখোজ সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই৷