বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ লুংচুং চাহ বাগিচাৰ এগৰাকী মহিলা যোৱা ২২ দিনে নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, লুংচুং চাহ বাগিচাৰ অনিৰুদ্ধ নায়কৰ পত্নী তথা ৮ মহীয়া সন্তানৰ মাতৃ কল্যাণি নায়ক যোৱা ২২ দিন ধৰি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছে৷
এটি কণমানি সন্তানৰ মাতৃগৰাকীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ঘৰলৈ উভতি অহা নাই৷ যাৰ ফলত কণমানি সন্তানটোক লৈ বিপদত পৰিছে অনিৰুদ্ধই৷ মাতৃৰ অনুপস্থিতিত কান্দি কাটি হায়ৰাণ হৈ পৰা কণমানি সন্তানটোক বুজনি দিবলৈ এতিয়া কোনো নাই৷ যোৱা তিনিটা সপ্তাহ ধৰি সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত স্বামী অনিৰুদ্ধই এজাহাৰ দাখিল কৰে চামগুৰি আৰক্ষী থানাত।