গৰৈমাৰিঃ কামৰূপৰ ছয়গাঁও আৰক্ষী থানা এলেকাৰ মাজগুমি গাঁৱৰ নচেৰ আলীৰ পুত্ৰ মইনুল হক যোৱা ২০ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, যোৱা ২০ অক্টোবৰত শহুৰৰ ঘৰত যাম বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছে মইনুল৷
দৰিদ্ৰ ঘৰৰ যুৱক মইনুলে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰা লোকজনেই নিৰুদ্দেশ হৈ থকাত হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে। প্ৰায় দুই মাহ ধৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি শুংসুত্ৰ উলিয়াব পৰা নাই।