গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ পৰা মাথো ৭০ কিঃ মিঃ নিলগৰ ঘৰ খনলৈ যোৱা ৩০ ঘণ্টা ধৰি এগৰাকী যুৱকে আহি নোপোৱাক হাহাকাৰ লাগিছে এটি পৰিয়ালত৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ এজন যুৱকে গুৱাহাটী মহানগৰীত শ্ৰমিক হিচাপে কাম কৰি আছিল যদিও গুৱাহাটীৰ পৰা ঘৰলৈ যোৱাৰ পথতে যোৱা ৩০ ঘণ্টা ধৰি নিৰুদ্দেশ হৈ থাকে৷

গোৰেশ্বৰ থানা এলেকাৰ শিঙিমাৰী গাঁৱৰ প্ৰয়াত শৰৎ ৰাজবংশীৰ পুত্ৰ যদু ৰাজবংশীয়ে (২৮) ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালে। যোৱা দুটা বছৰে গুৱাহাটী মহানগৰীৰ কামাখ্যাত ঘৰ ভাড়া কৰি থাকি শ্ৰমিক হিচাপে কাম কৰিছিল ৮ বছৰীয়া পুত্ৰ আৰু আঢ়ৈ বছৰীয়া কন্যা সন্তানৰ পিতৃ যদুৱে। 

বিহু উপলক্ষে ঘৰৰ মোবাইলত ফোন কৰি ২০ এপ্ৰিলৰ পুৱাই মা’ মই ঘৰলৈ আহি আছো বুলি কয়৷ গুৱাহাটীৰ পৰা ঘৰলৈ যাবৰ বাবে এএছটিচি বাছত উঠিছো বুলি ঘৰত ফোন যোগে অৱহত কৰে যদুৱে। দিনৰ প্ৰায় ডেৰ বজাত ফোন কৰি অৱগত কৰাৰ পিছত নিশা আঠ মান বজালৈ ঘৰত আহি নোপোৱাত পৰিয়ালৰ লোকে যদুৰ মোবাইলত পুনৰ ফোন কৰাত তেতিয়াৰ পৰা এতিয়ালৈ যোৱা ৩০ ঘণ্টা ধৰি ফোন বন্ধ দেখাই আছে৷ বাৰে বাৰে চেষ্টা কৰিও যোগাযোগ কৰিব নোৱাৰি তথা গোটেই নিশা ঘৰলৈ যুবকজন নহাত চিন্তিত হৈ পৰে পৰিয়ালটো। 

তাৰ পিছতে ভাতৃ কুশল ৰাজবংশীয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰে। ইপিনে গুৱাহাটীৰ ভাড়াঘৰত খবৰ কৰাত যদুৱে ২০ এপ্ৰিলৰ ১২.৩০ বজাতে তাৰ পৰা ওলাই অহা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকক। আনহাতে নিজৰ আঙহী-বঙহী তথা বন্ধুবৰ্গক খবৰ কৰিও কোনো সম্ভেদ লাভ কৰা নাই শ্ৰমিক যদুৰ। বৰ্তমানলৈ যদু ৰাজবংশীৰ ফোন বন্ধ হৈ আছে। ঘৰলৈ বুলি বাছত উঠা যুৱকজন হঠাতে ক'লৈ গ'ল তাকে লৈ এতিয়া দুশ্চিন্তাত পৰিছে পৰিয়ালটো। 

প্ৰায়ে ঘৰলৈ আহি থকা আৰু দিনত দুই-তিনিবাৰকৈ ফোন কৰা এজন যুৱক হঠাৎ নিৰুদ্দেশ হোৱা কাণ্ডই ৰহস্যৰ সৃষ্টি হৈছে। কোনো লোকে যদু ৰাজবংশীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা ৯৯৫৭৯০১৯২১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালে।