গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ পৰা মাথো ৭০ কিঃ মিঃ নিলগৰ ঘৰ খনলৈ যোৱা ৩০ ঘণ্টা ধৰি এগৰাকী যুৱকে আহি নোপোৱাক হাহাকাৰ লাগিছে এটি পৰিয়ালত৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ এজন যুৱকে গুৱাহাটী মহানগৰীত শ্ৰমিক হিচাপে কাম কৰি আছিল যদিও গুৱাহাটীৰ পৰা ঘৰলৈ যোৱাৰ পথতে যোৱা ৩০ ঘণ্টা ধৰি নিৰুদ্দেশ হৈ থাকে৷
গোৰেশ্বৰ থানা এলেকাৰ শিঙিমাৰী গাঁৱৰ প্ৰয়াত শৰৎ ৰাজবংশীৰ পুত্ৰ যদু ৰাজবংশীয়ে (২৮) ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালে। যোৱা দুটা বছৰে গুৱাহাটী মহানগৰীৰ কামাখ্যাত ঘৰ ভাড়া কৰি থাকি শ্ৰমিক হিচাপে কাম কৰিছিল ৮ বছৰীয়া পুত্ৰ আৰু আঢ়ৈ বছৰীয়া কন্যা সন্তানৰ পিতৃ যদুৱে।