ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যত আকৌ ফেচবুক কাণ্ড। এইবাৰ মিছন চাইনাৰ বাবে বিপদত পৰিব পাৰে কেবাজনো লোক। নিজ দোষৰ বাবেই বিপদত পৰিব এইসকল। উল্লেখ্য যে আজিৰে পৰা ৰাজ্যৰ চিনেমাহ’লসমূহত প্ৰদৰ্শিত হৈছে জুবিন গাৰ্গৰ বিগ বাজেটৰ অসমীয়া ছবি 'মিছন চাইনা’।

মুক্তিৰ দিনাই প্ৰতিটো হলতে দেখা গৈছে দৰ্শকৰ লানি নিছিগা শাৰী। ইয়াৰ মাজতে, কেইজনমান অতি উৎসাহী লোকে হলত চিনেমা চলি থকাৰ মাজতে স্ক্ৰীণৰ পৰা পোনপটীয়াকৈ ফেচবুকত লাইভ কৰে। 

এই কথা জানিব পাৰি ক্ষুব্ধ হৈ পৰিছে জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ। ক্ষুব্ধ হৈ পৰিছে অসমীয়া চিনেমাৰ প্ৰতিগৰাকী প্ৰকৃত দৰ্শক। ফেচবুকত লাইভ কৰি নিজৰ বন্ধুসকলৰ পৰাও গালি শুনিবলগীয়া হৈছে এইসকলে।

ফেচবুকযোগে এনেদৰে লাইভ কৰা কাণ্ডজ্ঞানহীন দৰ্শককেইজন হৈছে অৰ্ণৱ কুমাৰ ৰয়, এম জ্যোতি দাস, শংকৰ বৰুৱা আৰু জিতু।

নিজৰ ফেচবুক টাইমলাইনযোগে হলৰ পৰা 'মিছন চাইনা’ ফেচবুকত লাইভ কৰা দৰ্শককেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে গৰিমা শইকীয়া গাৰ্গে।

'স্ক্ৰীণৰ পৰা পোনপটীয়াকৈ আমাৰ চিনেমা মিছন চাইনা ফেচবুকযোগে লাইভ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।’-এইদৰে নিজৰ টাইমলাইনত উল্লেখ কৰিছে গৰিমাই।

ইয়াৰ পিছতে, 'মিছন চাইনা'ৰ তৰফৰ পৰা অপৰাধ অনুসন্ধান শাখাত এটি গোচৰ ৰুজু কৰা হয় উক্ত লোককেইজনৰ বিৰুদ্ধে। এই গোচৰৰ ভিত্তিত প্ৰাগজ্যোতিষ চিনেমা হলৰ পৰা এজনক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২ কোটিৰো অধিক ধন ব্যয় কৰি নিৰ্মাণ কৰা এইখনেই হৈছে বিগ বাজেটৰ প্ৰথমখন অসমীয়া ছবি। এই ছবিখনৰ সৈতে জড়িত হৈ আছে এগৰাকী শিল্পীৰ ভৱিষ্যত, জড়িত হৈ আছে চিনেমা উদ্যােগৰ ভৱিষ্যত। 

আগতীয়াকৈ ৩ দিনৰ টিকট বুকিং হৈ গৈছে যদিও ব্যয় কৰা ধন উভতাই পাবলৈ এতিয়াও বহু বাকী আছে। তেনে সময়ত এনেদৰে একাংশ দায়িত্বজ্ঞানহীন লোকে এনেদৰে ফেচবুকযোগে লাইভ বা ৰেকৰ্ডিং আদি কৰা কাৰ্যই জুবিনৰ অনুৰাগীসকলক ক্ষুব্ধ কৰি তুলিছে।