আমগুৰিঃ বহুচৰ্চিত অসমীয়া কথাছবি মিছন চাইনা এই পূজাৰ বতৰতে আহি আছে আমগুৰিবাসীৰ মাজলৈ। টিম মিছন চাইনাই দিয়া প্ৰতিশ্ৰুতি অনুসৰি চিনেমা হ’ল নথকা গ্ৰাম্য অঞ্চলৰ দৰ্শকৰ বাবে পূজাৰ বতৰতে মুকলি হ’ব এই ৩.৫ কোটিৰ ক্লাৱত পদাৰ্পন কৰা জুবিন গাৰ্গৰ শেহতীয়া ছবি মিছন চাইনা।
প্ৰায় ডেৰটা দশকৰ পাছত আমগুৰিবাসীয়ে ৰূপালী পৰ্দাত দেখিবলৈ পাব চিনেমা। তাকো বিগ বাজেটৰ এখন অসমীয়া চিনেমা। অহা ২৭,২৮ আৰু ২৯ ছেপ্তেম্বৰত আমগুৰিবাসীৰ মাজলৈ আহি আছে জুবিন গাৰ্গ পৰিচালিত আৰু গৰিমা শইকীয়া গাৰ্গ প্ৰযোজিত বহু চৰ্চিত অসমীয়া কথাছবি মিছন চাইনা। আমগুৰিৰ অগ্ৰণী অনুষ্ঠান আৰ্য্যশিখাৰ উদ্যোগত তিনিটা দিনৰ বাৱে প্ৰদৰ্শিত হ’ব লগা এই কথাছবিখন আমগুৰি পাব্লিক হ’লত প্ৰতিদিনে তিনিটাকৈ দৰ্শনী প্ৰদৰ্শিত হ’ব।