নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত শাসনভাৰ লৈয়েই আৰম্ভ কৰিছিল তেওঁৰ 'মন কী বাত’। মাহৰ শেষৰটো দেওবাৰত ৰেডিঅ’যোগে সম্প্ৰচাৰ কৰি অহা এই কাৰ্যসূচীয়ে আজি পঞ্চদশ সংখ্যা সমাপ্ত কৰিছে।

'মন কী বাত’ৰ জড়িয়তে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ বিভিন্ন সমস্যাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ প্ৰায়োগিক দিশটোত নিজৰ মতামত দি আহিছে। কন্যা শিশুৰ শিক্ষা, পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীয়ে কেনেকৈ মনৰ হেঁচা আঁতৰাব পাৰে, প্ৰদূষণ আৰু ড্ৰাগছ আসক্তি কেনেকৈ নোহোৱা কৰিব পাৰি, ইত্যাদি বিষয়ৰ আলোচনা কৰি আহিছে প্ৰধানমন্ত্ৰী মোডীয়ে। 

২০১৪ চনৰ ৩ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে 'মন কী বাত’ৰ বিষয়ে টুইটাৰযোগে দেশবাসীক জনাইছিল। তেওঁ প্ৰথম খণ্ডতে দেশবাসীক খাদী বস্ত্ৰ ব্যৱহাৰৰ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শুকুৰবাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত দাৰী কৰিছে যে তেওঁৰ এই আহ্বানৰ পাছত দেশত খাদী বস্ত্ৰৰ বিক্ৰী ১২০ শতাংশলৈ বৃদ্ধি পাইছে।

মাহৰ শেষৰটো দেওবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ কৰা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে নিৰাপত্তা সংস্থাসমূহৰ সফলতাৰ খতিয়ান প্ৰায়ে দেশবাসীক জনাই আহিছে। শেহতীয়াকৈ যোৱা ২৮ অক্টোবৰত সম্প্ৰচাৰিত হোৱা 'মন কী বাত’ত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিস্বাৰ্থ সেৱা আগবঢ়োৱাসকলক প্ৰশংসা কৰাৰ লগতে তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানৰ কথা সোঁৱৰিছিল।