নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত শাসনভাৰ লৈয়েই আৰম্ভ কৰিছিল তেওঁৰ ‘মন কী বাত’। মাহৰ শেষৰটো দেওবাৰত ৰেডিঅ’যোগে সম্প্ৰচাৰ কৰি অহা এই কাৰ্যসূচীয়ে আজি পঞ্চদশ সংখ্যা সমাপ্ত কৰিছে।
‘মন কী বাত’ৰ জড়িয়তে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ বিভিন্ন সমস্যাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ প্ৰায়োগিক দিশটোত নিজৰ মতামত দি আহিছে। কন্যা শিশুৰ শিক্ষা, পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীয়ে কেনেকৈ মনৰ হেঁচা আঁতৰাব পাৰে, প্ৰদূষণ আৰু ড্ৰাগছ আসক্তি কেনেকৈ নোহোৱা কৰিব পাৰি, ইত্যাদি বিষয়ৰ আলোচনা কৰি আহিছে প্ৰধানমন্ত্ৰী মোডীয়ে।